নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মেছি–ৰ’নাল্ডোৰ সৈতে মেগাষ্টাৰ অমিতাভ

নিয়মীয়া বাৰ্তা, ২০ জানুৱাৰী: ছৌদি আৰবৰ খেলপথাৰত লি’নেল মেছি বনাম ক্রিষ্টিয়ানো ৰ’নাল্ডোৰ খেল উপভোগ কৰিবলৈ অপেক্ষা কৰি থকাসকলে মেচ আৰম্ভ হোৱাৰ পূর্বেই লাভ কৰিলে এক চমৎকাৰ চমক৷ খেলৰ পূর্বেই তেওঁলোকে দেখিবলৈ পালে বলীউডৰ মেগাষ্টাৰ অমিতাভ বচ্চনক৷ ছৌদিৰ খেলপথাৰত ফুটবল আৰু বলীউড একাকাৰ হৈ পৰিল৷ খেল আৰম্ভ হোৱাৰ পূর্বে হঠাৎ দেখা গ’ল ছৌদিৰ কর্মকর্তাসকলৰ সৈতে থিয় হৈ আছে অমিতাভ৷ সেই সময়ত শাৰী পাতি থকা পিএছজি আৰু ৰিয়াধ অল ষ্টাৰৰ ফুটবলাৰসকলৰ সৈতে হাত মিলালে অমিতাভে৷ ইয়াৰ পিছত খেলুৱৈসকলৰ সৈতে ফটো তোলে অমিতাভে৷ উল্লেখ্য যে অমিতাভ এগৰাকী ফুটবলৰ সমর্থকো৷ প্রিমিয়াৰ লীগৰ ক্লাব ছেলচিৰ তেওঁ সমর্থক৷ ফুটবলৰ আকর্ষণৰ বাবেই এইবাৰ তেওঁ উৰা মাৰে ছৌদি আৰবলৈ৷ সাক্ষাৎ কৰে বিশ্ব ফুটবলৰ শ্রেষ্ঠ ফুটবলাৰসকলক৷

You might also like