নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰায়পুৰত আজি দ্বিতীয় এদিনীয়া মেচ

নিয়মীয়া বাৰ্তা, ২০ জানুৱাৰী: ঘৰুৱা দল টীম ইণ্ডিয়া আৰু নিউজিলেণ্ডৰ মাজৰ চলিত তিনিখনীয়া এদিনীয়া মেচৰ শৃংখলাটোৰ দ্বিতীয়খন মেচ আজি ৰায়পুৰত অনুষ্ঠিত হ’ব৷ আজি ৰায়পুৰত শৃংখলা দখলৰ লক্ষ্যৰে নামিব ৰোহিত শর্মা নেতৃত্বাধীন ভাৰতীয় দলটো৷ ইতিমধ্যে হায়দৰাবাদত হৈ যোৱা শৃংখলাৰ প্রথমখন ৰোমাঞ্চকৰ মেচত ঘৰুৱা দল ভাৰতে জয়লাভ কৰি আত্মবিশ্বাস বৃদ্ধি কৰিছে৷ অৱশ্যে আজিৰ মেচখনত নমাৰ পূর্বে মিডল অর্ডাৰ আৰু বলিং বিভাগক লৈ কিছু পৰিমাণে চিন্তিত হৈ পৰিছে টীম ইণ্ডিয়া৷ আজিৰ মেচখনত ভাৰতীয় দলটোৰ বলিং বিভাগত কিছু সালসলনি হোৱাৰ সম্ভাৱনা আছে৷ পেচ বলাৰ শ্বার্দুল ঠাকুৰৰ স্থানত উমৰান মালিকে মূল একাদশত স্থান লাভ কৰাৰ অধিক সম্ভাৱনা আছে৷ ইফালে শৃংখলাটোত প্রত্যাৱর্তন কৰাৰ লক্ষ্য লৈছে আলহী দল নিউজিলেণ্ডে৷ প্রথমখন মেচত জয়ৰ কাষ চাপিও থমকি ৰ’বলগীয়া হোৱা কিৱি বাহিনীয়ে আজি ৰায়পুৰত জয়লাভ কৰি শৃংখলাটোত সমতা স্থাপন কৰাৰ লক্ষ্যৰে নামিব৷

খেলৰ সময় ঃ দিনৰ ১.৩০ বজা৷

You might also like