নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

শ্রীলংকাক হৰুৱাই ছেমিত প্রৱেশ ইংলেণ্ডৰ

নিয়মীয়া বাৰ্তা ২ নৱেম্বৰঃ ইংলেণ্ডে প্রথমটো দল হিচাপে চলিত টি–২০ বিশ্বকাপৰ ছেমিফাইনেলত স্থান সুৰক্ষিত কৰিছে৷ সোমবাৰে অনুষ্ঠিত ছুপাৰ ১২ৰ গ্রুপ ১ৰ মেচখনত ইংলেণ্ডে শ্রীলংকাক ২৬ ৰানত পৰাস্ত কৰে৷ এই জয়েৰে ইংলেণ্ডে ৪খন মেচৰ পৰা ৮ পইণ্ট সংগ্রহ কৰি গ্রুপ ১ৰ পইণ্ট তালিকাৰ শীর্ষস্থানত থাকে৷

ইংৰাজ বাহিনীয়ে জয়ৰ বাবে বান্ধি দিয়া ১৬৪ ৰানৰ লক্ষ্য অনুসৰণ কৰিবলৈ আহি শ্রীলংকাই ১৯ অভাৰত আটাইকেইটা উইকেট হেৰুৱাই ১৩৭ ৰান কৰে৷ দলটোৰ হৈ হাছাৰাংগাই ৩৪, ছানাকা আৰু ৰাজাপাকছা উভয়ে ২৬ ৰান কৰে৷ ইংলেণ্ডৰ হৈ মঈন, ৰছিদ আৰু জর্ডানে দুটা উইকেট লাভ কৰে৷

উল্লেখ্য যে মেচখনত পৰাস্ত হোৱাত ছেমিত প্রৱেশ কৰাৰ আশা ক্ষীণ হৈ পৰে শ্রীলংকাৰ৷ ইয়াৰ পূর্বে শ্রীলংকাৰ আমন্ত্রণক্রমে প্রথমে বেটিং কৰিবলৈ আহি প্রাৰম্ভিক বিপর্যয় সত্ত্বেও তাৰকা বেটছমেন জ’ছ বাটলাৰৰ বিস্ফোৰক অপৰাজিত শতক আৰু অধিনায়ক ইয়ন মৰগানৰ ৪০ ৰানৰ সহায়ত ইংলেণ্ডে নির্ধাৰিত ২০ অভাৰত চাৰিটা উইকেট হেৰুৱাই ১৬৩ ৰান সংগ্রহ কৰে৷ জেছন ৰয় আৰু বাটলাৰে ইনিংছ মুকলি কৰিবলৈ আহে যদিও দলীয় স্ক’ৰ ১৩ ৰানত জেছনে ব্যক্তিগত ৯ ৰানত পেভিলিয়নমুখী হয়৷ জেছন আউট হোৱাৰ কিছু সময় পিছতে ইংলেণ্ডে ডেভিদ মালান আৰু জ’নী বেয়াৰষ্ট’ক হেৰুৱাই সংকটত পৰে৷ সেই সময়ত ইংলেণ্ডৰ দলীয় স্ক’ৰ আছিল ৩ উইকেটত ৩৫ ৰান৷

অৱশ্যে চলিত বিশ্বকাপত প্রথমটো শতক অর্জন কৰাৰ গৌৰৱ অর্জন কৰা বাটলাৰে অধিনায়ক মৰগানৰ সৈতে লগ লাগি দলীয় স্ক’ৰ বৃদ্ধি কৰি দলটোক এক সন্মানজনক স্থিতিত উপনীত কৰায়৷ চতুর্থ উইকেটত দুয়োৱে ১১২ ৰান সংগ্রহ কৰে৷ মৰগানে ৪০ ৰান কৰি বিদায় লয় যদিও বাটলাৰে অপৰাজিতভাৱে ১০১ ৰানৰ দুর্দান্ত ইনিংছ খেলে৷ ইনিংছৰ অন্তিমটো বলত ছিক্সাৰ কোবাই শতক অর্জন কৰা বাটলাৰৰ ৬৭টা বলৰ ইনিংছটোত আছিল ৬টা চাৰি আৰু ৬টা ছয়৷ শ্রীলংকাৰ হৈ ৱানিণ্ডু হাছাৰাংগা ডি ছিলভাই তিনিটা উইকেট লয়৷

You might also like