নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

২৬ লাখ নহয়, অসমত নিবনুৱাৰ সংখ্যা ১২.৫ লাখহেঃ মুখ্যমন্ত্রী ড০ শর্মা

নিয়মীয়া বাৰ্তা, ৩০ আগষ্ট: অসমত নিবনুৱাৰ সংখ্যা ২৬ লাখ নহয়, ১২.৫ লাখহে৷ –এই মন্তব্য মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ৷  গুৱাহাটীত সংবাদ মাধ্যমৰ আগত মুখ্যমন্ত্রী ড০ শর্মাই কয় যে ৰাজ্যখনত ২৬ লাখ নিবনুৱা আছে বুলি যি ধাৰণা কৰা হৈছিল, এইবাৰ নিবনুৱাৰ নাম কম্পিউটৰাইজড কৰাৰ পাছত দেখা গৈছে সেই সংখ্যা ১২.৫ লাখলৈ নামি আহিছে৷ সেইদৰে ৰাজ্য চৰকাৰৰ তৃতীয় আৰু চতুর্থবর্গৰ চাকৰিৰ বাবে অনুষ্ঠিত পৰীক্ষাত ১৪ লাখ প্রার্থীয়ে আবেদন কৰাৰ প্রসংগত একাংশই কৰা প্রশ্ণৰ উত্তৰ দি মুখ্যমন্ত্রী ড০ শর্মাই কয় যে ব্যক্তি হিচাপে এই পৰীক্ষাত অৱতীর্ণ হোৱা মুঠ প্রার্থীৰ সংখ্যা ৯.৩৬ লাখ৷ কিন্তু বহীৰ দিশৰ পৰা সেই সংখ্যা হৈছে ১৪ লাখ৷ কাৰণ একোজন প্রার্থীয়ে, যিসকলৰ সকলো পৰীক্ষাতে বহাৰ অর্হতা আছে, তেওঁলোকে চতুর্থবর্গৰ, তৃতীয়বর্গৰ মুঠ পাঁচটাকৈ পৰীক্ষাত অৱতীর্ণ হৈছে৷ এই নিযুক্তি পৰীক্ষাত অৱতীর্ণ হোৱা সকলো প্রার্থীয়েই নিবনুৱা নহয় বুলি উল্লেখ কৰি মুখ্যমন্ত্রী ড০ শর্মাই কয় যে বহু প্রার্থীয়ে বিভিন্ন কোম্পানীত কাম কৰি আছে৷ কালি দিল্লী–কলকাতাত কাম কৰি থকা ল’ৰাও পৰীক্ষা দিবলৈ আহিছে৷ অনাগত দিনত যেতিয়া পুনৰ নতুন খালী পদ ওলাব, নতুন উদ্যোগ স্থাপন হ’ব, সেই সময়ত নিবনুৱা যুৱক–যুৱতীক সংস্থাপন দি নিবনুৱা সমস্যা সমাধান কৰা হ’ব বুলি মুখ্যমন্ত্রী ড০ শর্মাই প্রকাশ কৰে৷

You might also like