নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ক্রিকেটৰ পৰা অৱসৰ এবি ডি ভিলিয়ার্ছৰ

নিয়মীয়া বাৰ্তা: ২০ নৱেম্বৰঃ ক্রিকেটৰ আটাইকেইটা সংস্কৰণৰ পৰা অৱসৰ গ্রহণ কৰিলে দক্ষিণ আফ্রিকাৰ মহান ক্রিকেটাৰ এবি ডি ভিলিয়ার্ছে৷ বিস্ফোৰক বেটছমেনগৰাকীক এতিয়াৰে পৰা আৰু আই পি এলত ৰয়েল চেলেঞ্জার্ছ বাংগালুৰুৰ হৈ খেলা দেখা পোৱা নাযাব৷ ২০১৮ চনত আন্তর্জাতিক ক্রিকেটৰ পৰা সন্ন্যাস লোৱা ডি ভিলিয়ার্ছে ফ্রেনছাইজী ক্রিকেটৰ পৰাও অৱসৰ ঘোষণা কৰিছে৷ দক্ষিণ আফ্রিকাৰ প্রাক্তন তাৰকা বেটছমেনগৰাকীয়ে ছ’চিয়েল মিডিয়াৰ যোগেদি শুকুৰবাৰে ক্রিকেটৰ আটাইকেইটা সংস্কৰণৰ পৰা অৱসৰ লোৱাৰ কথা সদৰী কৰে৷

মিষ্টাৰ ৩৬০ ডিগ্রী ৰূপে পৰিচিত ৩৭ বছৰীয়া ডি ভিলিয়ার্ছে টুইটযোগে কয়– ক্রিকেটৰ পৰা অৱসৰ লোৱাৰ এয়াই উপযুক্ত সময়৷ এনেধৰণৰ সিদ্ধান্ত লোৱাটো সঁচাকৈয়ে কঠিন৷ এতিয়া আৰু আগৰ দৰে ক্রিকেট খেলাটো মোৰ বাবে সম্ভৱপৰ নহয়৷ গতিকে ক্রিকেটৰ হ্রস্ব সংস্কৰণটোৰ পৰাও অৱসৰ লোৱাৰ সিদ্ধান্ত গ্রহণ কৰো৷

ইফালে, ডি ভিলিয়ার্ছৰ এই সিদ্ধান্তত ভাবুক হৈ পৰিছে ৰয়েল চেলেঞ্জার্ছ বাংগালুৰুৰ প্রাক্তন অধিনায়ক বিৰাট কোহলি৷ উল্লেখ্য যে ৩৭ বছৰীয়া ডি ভিলিয়ার্ছে আৰচিবিৰ হৈ ১৫৬খন মেচ খেলাৰ লগতে আই পি এলত মুঠ ১৮৪খন মেচত অংশ লয়৷ ইপিনে, জাতীয় দলটোৰ হৈ ১১৪খন টেষ্ট, ২২৮খন এদিনীয়া আৰু ৭৮খন টি–২০ মেচত ভাগ লৈছিল৷

You might also like