নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰিয়ান পৰাগে বিহুনৃত্য শিকাইছে য়ুজবেন্দ্র চাহালৰ পত্নী ধনশ্রীক

নিয়মীয়া বাৰ্তা, ২০ এপ্ৰিলঃ অসমৰ চৌদিশে ৰঙালী বিহুৱে উখল–মাখল পৰিৱেশৰ সৃষ্টি কৰাৰ সময়তে আই পি এলৰ ফ্রেনচাইজী ৰাজস্থান ৰয়েলছতো ৰঙীন পৰিৱেশৰ সৃষ্টি কৰিছে বাপতিসাহোন বিহুৱে৷ দলটোৰ হৈ খেলি থকা অসমসন্তান ৰিয়ান পৰাগে বিহুনৃত্য শিকাইছে য়ুজবেন্দ্র চাহালৰ পত্নী ধনশ্রী বার্মাক৷ ৰাজস্থান ৰয়েলছে মুকলি কৰা এটি ভিডি’ত ৰিয়ান আৰু ধনশ্রীয়ে বিহুনৃত্য পৰিৱেশন কৰা দেখা গৈছে৷ দলৰ ইনষ্টাগ্রাম পেজত মুকলি কৰা ভিডি’টোত দেখা গৈছে যে ৰিয়ানে ধনশ্রীক বিহুনৃত্য কৰিবলৈ আমন্ত্রণ জনাইছে আৰু তেওঁৰ মূৰত বন্ধা আছে এখন গামোচা৷ এইপর্যন্ত ভিডি’টো ৬৬.৮ হাজাৰ ব্যৱহাৰকাৰীয়ে লাইক কৰিছে৷ উল্লেখ্য যে অসমত ১৪ এপ্রিলৰ পৰা আৰম্ভ হোৱা ৰঙালী বিহু উৎসৱৰ পৰিপ্রেক্ষিতত এই ভিডি’টো শ্বেয়াৰ কৰা হৈছে৷ সম্প্রতি ঘৰৰ পৰা দূৰত থকা ৰিয়ানে ৰাজস্থান ৰয়েলছ শিবিৰতে বিহুৰ আমোদ ল’বলৈ চেষ্টা কৰিছে৷ মন কৰিবলগীয়া যে আই পি এলত নিজৰ প্রথমটো ছিজনৰ পৰাই বিহুনৃত্যৰে ৰিয়ানে শিৰোনাম দখল কৰি আহিছে৷ ইয়াৰ পূর্বে তেওঁ ইংলেণ্ডৰ পেচ বলাৰ জ’ফ্রা আর্চাৰ আৰু ৰাহুল টেৱাটিয়াক বিহুনৃত্য শিকাইছিল৷ ইপিনে, চাহালৰ পত্নী ধনশ্রী এগৰাকী পেছাদাৰী নৃত্যশিল্পী আৰু তেওঁ হিপ হপ, ছালছা আদি নৃত্যৰ বাবে প্রখ্যাত৷

You might also like