নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অসম চৰকাৰৰ ২৬,৪৪১ চাকৰিৰ বিজ্ঞাপন; আবেদনৰ অন্তিম তাৰিখ ৩০ মে’

অসম চৰকাৰৰ ভিন্ন বিভাগত খালী হৈ থকা তৃতীয় আৰু চতুর্থবর্গৰ ২৬,৪৪১ পদত প্রার্থী নিয়োগৰ যো–জা চলিছে৷ নিয়োগ বিনিময় কেন্দ্রত নাম পঞ্জীয়ন কৰা প্রার্থীৰ পৰা আবেদন আহ্বান কৰিState Level Recruitment Commission for Class III Postৰ আৰু State Level Recruitment Commission for Class IV PostৰSecretaryএ এক বিস্তৃত নিয়োগ বিজ্ঞাপন অসম চৰকাৰৰ জনসংযোগ বিভাগৰ জৰিয়তে সংবাদ–পত্রত প্রকাশ কৰিছে৷

প্রকাশিত বিজ্ঞাপনৰ তথ্য অনুসৰি, চতুর্থবর্গৰ ১৩,৩০০ পদৰ ভিতৰত অষ্টম শ্রেণী উত্তীর্ণ হোৱা প্রার্থীৰ বাবে ৯,০০০ পদ সংৰক্ষিত থকাৰ বিপৰীতে দশম শ্রেণী নাইবা ইয়াৰ সমপর্যায়ৰ পৰীক্ষাত উত্তীর্ণ হোৱা প্রার্থীৰ বাবে ৪,৩০০ পদ সংৰক্ষিত থাকিব৷ অৱশ্যে উচ্চতৰ মাধ্যমিক (দ্বাদশ শ্রেণী) উত্তীর্ণ হোৱা নাইবা ইয়াৰ সমপর্যায়ৰ পৰীক্ষাত উত্তীর্ণ হোৱা প্রার্থীয়েও আবেদন কৰিব পাৰিব৷

আনহাতে, তৃতীয়বর্গৰ ১৩,১৪১ পদৰ ভিতৰত Category I (Accountant/Cashier/Jr. Asstt./LDA/Stenographer etc.)ৰ বাবে ৮,৩৩১ পদ,Category II (Field Assistant, Fieldman, Foreman, Section Asstt., Soil Conservation Field Worker, Jr. Agriculture Extension Assistant etc.)ৰ বাবে ৩,৬৯০ পদ আৰুCategory III (Driver)ৰ বাবে ১,১২০ সংৰক্ষিত থাকিব৷Category I (Accountant/Cashier/Jr. Asstt./LDA/Stenographer etc.)ৰ প্রার্থী যিকোনো শাখাৰ স্নাতক ডিগ্রীধাৰী হোৱাৰ লগতে স্বীকৃতিপ্রাপ্ত শিক্ষানুষ্ঠানৰ পৰাComputerৰ ৬মহীয়া পাঠ্যক্রমৰ প্রমাণ–পত্র/ডিপ্ল’মাধাৰী হোৱা হ’ব লাগিব৷ অৱশ্যে স্নাতক ডিগ্রাধাৰী প্রার্থীয়েও আবেদন কৰিব পাৰিব৷Category II (Field Assistant, Fieldman, Foreman, Section Asstt., Soil Conservation Field Worker, Jr. Agriculture Extension Assistant etc.)ৰ প্রার্থী উচ্চতৰ মাধ্যমিক উত্তীর্ণ হোৱা হ’ব লাগিব৷ যদিওLaboratory Assistant, Section Assistant, Photography Assistant পদৰ প্রার্থী উচ্চতৰ মাধ্যমিক নাইবা বিজ্ঞান শাখাত ইয়াৰ সমপর্যায়ৰ পৰীক্ষাত উত্তীর্ণ হোৱা হ’ব লাগিব Category III (Driver)ৰ প্রার্থী দশম শ্রেণী নাইবা ইয়াৰ সমপর্যায়ৰ পৰীক্ষাত উত্তীর্ণ হোৱা হ’ব লাগিব৷ বয়স ১ জানুৱাৰী, ২০২২লৈ ১৮–৪০ বছৰ৷ অৱশ্যে বয়সৰ ঊর্ধ্বসীমা এছটি/এছচি শ্রেণীৰ প্রার্থীয়ে ৫ বছৰ, অ’বিচি/এম’বিচি শ্রেণীৰ প্রার্থীয়ে ৩ বছৰ, প্রাক্তন কর্মচাৰী শিতানৰ প্রার্থীয়ে ২ বছৰ আৰু দিব্যাংগ শ্রেণীৰ প্রার্থীয়ে ১০ বছৰ ৰেহাই লাভ কৰিব৷ আবেদন মাচুল হিচাপে অসংৰক্ষিত, অ’বিচি/এম’বিচি শ্রেণীৰ প্রার্থীয়ে ৩৫০ টকা আৰু এছচি, এছটি–পি আৰু এইচ শ্রেণীৰ প্রার্থীয়ে ২৫০ টকা অনলাইন মাধ্যমেৰে পৰিশোধ কৰিব লাগিব৷

আগ্রহীসকলে বিজ্ঞাপন বিষয়ক অধিক তথ্যৰ লগতে পদৰ বাবে থাকিবলগীয়া অন্যান্য চর্তাৱলীকে ধৰি অনলাইনযোগে আবেদন দাখিল কৰিবলৈ বিভাগীয় ৱেবছাইট www.sebaonline.org আৰু www.assam.gov.in লগ–ইন কৰিব পাৰে৷ অনলাইনযোগে আবেদন দাখিল প্রক্রিয়া ১১ এপ্রিল, ২০২২ৰ পৰা আৰম্ভ হ’ব৷ এই প্রক্রিয়া ৩০ মে’, ২০২২লৈ অব্যাহত থাকিব৷

You might also like