নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

প্রথমগৰাকী অষ্ট্রেলিয়ান হিচাপে কৃতিত্ব অর্জন ফিনছৰ

টি–২০ত ১০০টা ছিক্সাৰ

নিয়মীয়া বাৰ্তা ৬ মাৰ্চঃ টি–২০ ক্রিকেটত ১০০টা ছিক্সাৰ কোবাই অষ্ট্রেলিয়াৰ প্রথমগৰাকী বেটছমেন হিচাপে কৃতিত্ব অর্জন কৰিছে আৰন ফিনছে৷ ৱেলিংটনত আজি নিউজিলেণ্ডৰ বিপক্ষে খেলা চতুর্থখন টি–২০ মেচত চাৰিটাকৈ ছয় কোবাই এই গৌৰৱৰ অধিকাৰী হয় অষ্ট্রেলিয়া দলটোৰ অধিনায়কগৰাকী৷ ইপিনে, টি–২০ ক্রিকেটত ১০০ বা ততোধিক ছিক্সাৰ কোবোৱা আৰন ফিনছ হ’ল বিশ্বৰ ষষ্ঠগৰাকী বেটছমেন৷ ইয়াৰ পূর্বে এই গৌৰৱৰ অধিকাৰী হোৱা বিশ্বৰ আনকেইগৰাকী ক্রিকেটাৰ হ’ল– নিউজিলেণ্ডৰ মার্টিন গুপ্ঢিল (১৩৫), টীম ইণ্ডিয়াৰ ৰোহিত শর্মা (১২৭), ইংলেণ্ডৰ ইয়ন মৰগান (১১৩), নিউজিলেণ্ডৰ ক’লিন মুনৰো (১০৭) আৰু ৱেষ্ট ইণ্ডিজৰ ক্রিছ গেইল (১০৫)৷ আনহাতে, টি–২০ ক্রিকেটত অষ্ট্রেলিয়াৰ হৈ সর্বাধিক ৰান কৰাৰো কৃতিত্ব অর্জন কৰিলে আৰন ফিনছে৷ ফিনছে দুটা শতক আৰু ১৪টা অর্ধশতকেৰে ২৩১০ ৰান কৰি সতীর্থ ডেভিদ ৱার্নাৰক (২২৬৫) অতিক্রম কৰে৷

You might also like