নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ঋষভ পণ্টৰ বেটিং প্রদর্শনক প্রশংসা গাংগুলীৰ

নিয়মীয়া বাৰ্তা ৬ মাৰ্চঃ আহমেদাবাদত ইংলেণ্ডৰ বিপক্ষে চলি থকা চতুর্থ তথা অন্তিমখন টেষ্টৰ প্রথম ইনিংছত টীম ইণ্ডিয়াৰ প্রতিভাৱান উইকেটকীপাৰ বেটছমেন ঋষভ পণ্টে দাঙি ধৰা বেটিং প্রদর্শনক প্রশংসা কৰিছে ভাৰতীয় ক্রিকেট নিয়ন্ত্রণ ব’ডৰ সভাপতি সৌৰভ গাংগুলীয়ে৷ পণ্টৰ বেটিং প্রদর্শনক উচ্চ প্রশংসা কৰি বি চি চি আইৰ সভাপতি তথা টীম ইণ্ডিয়াৰ প্রাক্তন অধিনায়ক সৌৰভ গাংগুলীয়ে কয় যে আহমেদাবাদৰ উইকেটত বেটছমেনসকলে সংগ্রাম কৰি থকাৰ সময়তে ঋষভ পণ্টে দুর্দান্ত শতকীয় ইনিংছ খেলি ভাৰতীয় দলটোক শক্তিশালী স্থিতিত উপনীত কৰোৱাত গুৰুত্বপূর্ণ ভূমিকা লৈছে৷ আহমেদাবাদৰ উইকেট বলাৰৰ সহায়ক হোৱাৰ সময়তে পণ্টে যি ধৰণে বেটিং কৰিছে সেয়া, সঁচাকৈয়ে অবিশ্বাস্য৷ ভৱিষ্যতে পণ্টে ক্রিকেটৰ তিনিওটা সংস্কৰণতে উন্নত প্রদর্শন দাঙি ধৰিব পাৰিব বুলি মন্তব্য কৰি বি চি চি আইৰ সভাপতিগৰাকীয়ে লগতে কয় যে প্রতিভাৱান উইকেটকীপাৰ বেটছমেনগৰাকীয়ে ইংলেণ্ড দলটোৰ পেচ আৰু স্পীনাৰসকলৰ বিৰুদ্ধে শংকাহীনভাৱে খেলি গৈছিল৷ পণ্টৰ লগতে অপৰাজিত অর্ধশতকীয় ইনিংছ খেলা ৱাশ্বিংটনৰ সুন্দৰৰ বেটিঙকো প্রশংসা কৰে সৌৰভ গাংগুলীয়ে৷

You might also like