নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মোৰ কেৰিয়াৰ গঢ়াত মুখ্য ভূমিকা লৈছিল শ্বেন বণ্ডেঃ বুমৰাহ

নিয়মীয়া বাৰ্তা, ১৫ মে’: নিউজিলেণ্ডৰ প্রাক্তন বেগী বলাৰ শ্বেন বণ্ডে মোৰ ক্রিকেট কেৰিয়াৰ গঢ়াত মুখ্য ভূমিকা গ্রহণ কৰিছে৷ শৈশৱত মই তেওঁৰ বলিং চাই ক্রিকেটৰ প্রতি আকৃষ্ট হৈছিলোঁ৷ ইয়াৰ পিছত আইপিএলত তেওঁক ওচৰৰ পৰা লাভ কৰোঁ৷ তেওঁৰ সৈতে মই নিয়মীয়াকৈ কথা–বতৰা পাতি থাকো আৰু আমাৰ মাজত এক মধুৰ সম্পর্ক আছে৷– এই তাৎপর্যপূর্ণ মন্তব্য আগবঢ়াইছে টীম ইণ্ডিয়াৰ তাৰকা বেগী বলাৰ যশপ্রীত বুমৰাহে৷

মুম্বাই ইণ্ডিয়ানছৰ টুইটাৰ একাউণ্টত শ্বেয়াৰ কৰা এটা ভিডিঅ’ত তাৰকা বেগী বলাৰগৰাকীয়ে শ্বেন বণ্ডৰ অৰিহণাৰ কথা স্মৰণ কৰি কয় যে নিউজিলেণ্ডৰ তাৰকাগৰাকীৰ পৰা তেওঁ এতিয়াও বলিঙৰ টিপ্ছ গ্রহণ কৰি থাকে৷ ‘মই ২০১৫ত বণ্ডক প্রথম লগ পাইছিলোঁ৷ এগৰাকী শিশু হিচাপে মই তেওঁৰ বলিং উপভোগ কৰিছিলোঁ আৰু কিদৰে তেওঁ বল ছুইং কৰে, সেয়া প্রত্যক্ষ কৰি অভিভূত হৈছিলোঁ৷ এতিয়া তেওঁৰ সৈতে মোৰ বন্ধুত্বপূর্ণ সম্পর্ক গঢ়ি উঠিছে৷ মোৰ কেৰিয়াৰ গঢ়াত তেওঁ মুখ্য ভূমিকা গ্রহণ কৰিছে৷ আগন্তুক বছৰসমূহতো তেওঁৰ পৰা দিহা–পৰামর্শ লাভ কৰি থাকিম বুলি মই আশাবাদী৷’– বুমৰাহে এইদৰে কয়৷

মন কৰিবলগীয়া যে শ্বেন বণ্ড মুম্বাই ইণ্ডিয়ানছৰ বলিং প্রশিক্ষক হিচাপে দীঘলীয়া সময় ধৰি আইপিএলৰ সৈতে জড়িত হৈ আছে৷ একেটা দলতে মুখ্য বলাৰ হিচাপে আছে যশপ্রীত বুমৰাহ৷ ইফালে, মুম্বাই ইণ্ডিয়ানছৰ টুইটাৰ একাউণ্টত প্রকাশ পোৱা আন এক ভিডি’ত দলটোৰ আন এগৰাকী তাৰকা বেগী বলাৰ ট্রেণ্ট ব’ল্টেও শ্বেন বণ্ডক ভূয়সী প্রশংসা কৰে৷ বণ্ডৰ সৈতে একেটা দলত জড়িত হৈ থকাটো সৌভাগ্যৰ বিষয় বুলি উল্লেখ কৰি বাঁওহতীয়া বেগী বলাৰগৰাকীয়ে কয় যে বণ্ডৰ ক্রিকেটৰ ক্ষেত্রত অগাধ জ্ঞান আছে৷ পৰিস্থিতি অনুসৰি সঠিক সিদ্ধান্ত লোৱাত তেওঁ পাকৈত বুলিও ব’ল্টে উল্লেখ কৰে৷

You might also like