নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কলকাতাত আজি নিউজিলেণ্ডৰে অন্তিম টি–২০

নিয়মীয়া বাৰ্তা, ২১ নৱেম্বৰ: ঘৰুৱা দল টীম ইণ্ডিয়া আৰু নিউজিলেণ্ডৰ মাজৰ তিনিখনীয়া টি–২০ মেচৰ শৃংখলাটোৰ তৃতীয় তথা অন্তিমখন মেচ আজি কলকাতাত অনুষ্ঠিত হ’ব৷ ইতিমধ্যে প্রথম দুখন মেচত জয়লাভ কৰি শৃংখলাটো দখল কৰা ঘৰুৱা দল টীম ইণ্ডিয়াই আজি মেচখনতো জয়ৰ ধাৰা অব্যাহত ৰখাৰ লক্ষ্যৰে খেলপথাৰত নামিব৷

অৱশ্যে আজিৰ এই গুৰুত্বহীন মেচখনত ভাৰতীয় দলটোৱে নতুন যুটি বান্ধি নমাৰ পূর্ণ সম্ভাৱনা আছে৷ আজিৰ এই মেচখনত কেইবাজনো প্রতিভাৱান খেলুৱৈক খেলাৰ সুযোগ দিয়াৰ সম্ভাৱনা আছে৷ ভেংকটেশ আয়াৰৰ লগতে ঋতুৰাজ গাইকোৱাড, আৱেশ খান আৰু ঈষাণ কিষণক বেটিং ক্রমৰ শীর্ষস্থানত পঠোৱাৰ সম্ভাৱনা আছে বুলি ইংগিত দি টীম ইণ্ডিয়াৰ অধিনায়ক ৰোহিত শর্মাই কয় যে আজিৰ মেচখনত ঋষভ পণ্টৰ স্থানত ঈষাণ কিষণক ভাৰতীয় দলটোৰ উইকেটকীপাৰৰ দায়িত্ব দিয়া হ’ব৷

কিয়নো, বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ আৰম্ভণিৰ পৰাই পণ্টে একেলেথাৰীয়ে খেলি আহিছে৷ গতিকে পণ্টক বিশ্রামৰ খুবেই প্রয়োজন হৈ পৰিছে৷ ভৱিষ্যতৰ প্রতি লক্ষ্য ৰাখিয়েই আজিৰ মেচখনত নতুন কম্বিনেচনেৰে খেলাৰ সম্ভাৱনা আছে বুলি উল্লেখ কৰি টীম ইণ্ডিয়াৰ অধিনায়কগৰাকীয়ে লগতে কয় যে আজি তৃতীয়খন টি–২০ত আৱেশ খান আৰু য়ুজবেন্দ্র চাহালকো সুযোগ দিয়াৰ বাবে চেষ্টা কৰিব৷

ইফালে প্রথম দুয়োখন মেচতে পৰাস্ত হৈ ইতিমধ্যে শৃংখলা হেৰুওৱা নিউজিলেণ্ডে আজিৰ মেচখনত জয়ৰ লক্ষ্যৰে অৱতীর্ণ হ’ব৷ তাৰকা খেলুৱৈসকলে নিজৰ ছন্দ অনুসাৰে খেলিব নোৱাৰাৰ বাবে নিউজিলেণ্ডে টীম ইণ্ডিয়াৰ সন্মুখত বৃহৎ স্ক’ৰ থিয় কৰোৱাত ব্যর্থ হোৱা বুলি উল্লেখ কৰি দলটোৰ অধিনায়ক টিম ছাউদীয়ে কয় যে আজিৰ এই গুৰুত্বহীন মেচখনত সতীর্থসকলে নিজৰ ছন্দ অনুসাৰে খেলি দলক জয়ৰ সোৱাদ দিব পাৰিব৷

খেলৰ সময়: নিশা ৭ বজা৷

You might also like