নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চতুর্থবাৰলৈ চেম্পিয়ন চেন্নাই ছুপাৰ কিংছ

খিতাপ যুঁজৰ মেচত পৰাস্ত নাইট ৰাইডার্ছঃ ডু প্লেচিছৰ বিস্ফোৰক ৮৬

নিয়মীয়া বাৰ্তা ১৬ অক্টোবৰঃ চতুর্থবাৰৰ বাবে ইণ্ডিয়ান প্রিমিয়াৰ লীগৰ খিতাপ জয় কৰিলে মহেন্দ্র সিং ধোনী নেতৃত্বাধীন চেন্নাই ছুপাৰ কিংছে৷ ডুবাইত শুকুৰবাৰে অনুষ্ঠিত আই পি এলৰ চতুর্দশ সংস্কৰণৰ ফাইনেল মেচখনত চেন্নাই ছুপাৰ কিংছে দুবাৰৰ প্রাক্তন চেম্পিয়ন কলকাতা নাইট ৰাইডার্ছক ২৭ ৰানত পৰাস্ত কৰে৷ মেচখনত চেন্নায়ে জয়ৰ বাবে বান্ধি দিয়া ১৯৩ ৰানৰ লক্ষ্য অনুসৰণ কৰিবলৈ আহি শুভমন গিলৰ ৫১ আৰু ভেংকটেশ আয়াৰৰ ৫০ ৰানৰ সহায়ত কলকাতাই নির্ধাৰিত ২০ অভাৰত ৯টা উইকেট হেৰুৱাই ১৬৫ ৰান সংগ্রহ কৰে৷ নীতিশ ৰাণাই ০, সুনীল নাৰিনে ২, অধিনায়ক মৰগানে ৪, দীনেশ কার্তিকে ৯, ছাকিব আল হাছানে ০ আৰু ৰাহুল ত্রিপাঠীয়ে ২ ৰানহে কৰে৷ শেষৰপিনে ফার্গুছনে অপৰাজিতভাৱে ১৬ ৰান কৰাৰ লগতে শিভম মাভিয়ে ২০ ৰানৰ অৰিহণা আগবঢ়ায়৷ চেন্নাইৰ হৈ শার্দূলে তিনিটা, হেজেলউড আৰু জাদেজা উভয়ে দুটাকৈ, দীপক চহৰ আৰু ব্রেভো উভয়ে এটাকৈ উইকেট লাভ কৰে৷

উল্লেখ্য যে চেন্নাই ছুপাৰ কিংছে ইয়াৰ পূর্বে ২০১০, ২০১১ আৰু ২০১৮ চনত প্রতিযোগিতাখনৰ খিতাপ জয় কৰিছিল৷ ইফালে কলকাতা নাইট ৰাইডার্ছে ২০১২ আৰু ২০১৪ চনত চেম্পিয়নৰ সন্মান অর্জন কৰিছিল৷ ইয়াৰ পূর্বে নাইট ৰাইডার্ছৰ আমন্ত্রণক্রমে প্রথমে বেটিং কৰিবলৈ আহি ফাফ ডু প্লেচিছৰ বিস্ফোৰক অর্ধশতকৰ সহায়ত চেন্নাই ছুপাৰ কিছে নির্ধাৰিত ২০ অ’ভাৰত তিনিটা উইকেট হেৰুৱাই ১৯২ ৰান সংগ্রহ কৰে৷ ৰুতুৰাজ গাইকোৱাড আৰু ডু প্লেচিছে ইনিংছ মুকলি কৰিবলৈ আহি চেন্নাই ছুপাৰ কিংছক বিস্ফোৰক আৰম্ভণি দিয়ে৷ প্রথম উইকেটৰ যুটিত ৬১ ৰান সংগ্রহ হোৱাৰ সময়তে ৰুতুৰাজে ব্যক্তিগত ৩২ ৰানত পেভিলিয়নমুখী হয়৷ ৰুতুৰাজৰ ২৭টা বলৰ ইনিংছটোত আছিল ৩টা চাৰি আৰু এটা ছয়৷ ইফালে চেন্নাইৰ হৈ সর্বাধিক ৰান কৰা ডু প্লেচিছে আউট হোৱাৰ পূর্বে ৰবীন উথাপ্পাৰ সৈতে দ্বিতীয় উইকেটত ৬৩ ৰান আৰু মঈন আলীৰ সৈতে তৃতীয় উইকেটত ৬৮ ৰান সংগ্রহ কৰে৷ ডু প্লেচিছে মাত্র ৫৯টা বলত ৭টা চাৰি আৰু ৩টা ছয়ৰে ৮৬ ৰানৰ দুর্দান্ত ইনিংছ খেলে৷ ৰবীন উথাপ্পাই মাত্র ১৫টা বলত ৩টা ছয়েৰে ৩১ ৰান কৰাৰ বিপৰীতে মঈন আলীয়ে ২০টা বলত দুটা ৪ আৰু ৩টা ছয়েৰে ৩৭ ৰান কৰি অপৰাজিত হৈ থাকে৷ নাইট ৰাইডার্ছৰ হৈ সুনীল নাৰিনে সর্বাধিক দুটা উইকেট লাভ কৰাৰ লগতে শিৱম মাভিয়ে এটা উইকেট লাভ কৰে

You might also like