নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰাষ্ট্রীয় মুকলি এথলেটিকছত দ্বিতীয়টো পদকঃ ২০০ মিটাৰত অসমৰ অম্লানৰ স্বর্ণ জয়

নিয়মীয়া বাৰ্তা, ২০ ছেপ্টেম্বৰঃ অসমৰ উদীয়মান দৌৰবিদ অম্লান বৰগোহাঁয়ে ৬০সংখ্যক ৰাষ্ট্রীয় মুকলি এথলেটিকছ চেম্পিয়নশ্বিপত চমকপ্রদ প্রদর্শন অব্যাহত ৰাখিছে৷ তেলেংগানাত দেওবাৰে সামৰণি পৰা প্রতিযোগিতাখনৰ ২০০ মিটাৰ দৌৰত প্রতিভাৱান দৌৰবিদগৰাকীয়ে অসমৰ হৈ সোণৰ পদক জয় কৰিবলৈ সক্ষম হয়৷

২০.৭৫ ছেকেণ্ডেৰে তেওঁ ব্যক্তিগত শ্রেষ্ঠ প্রদর্শন দাঙি ধৰাৰ লগতে ৰাজ্যিক অভিলেখ আৰু মীট ৰেকর্ডসহ স্বর্ণপদক অর্জন কৰে৷ ইয়াৰ পূর্বে অম্লান বৰগোহাঁয়ে প্রতিযোগিতাখনৰ ১০০ মিটাৰ দৌৰত ১০.৩৪ ছেকেণ্ডেৰে ৰূপৰ পদক লাভ কৰিবলৈ সক্ষম হৈছিল৷

উল্লেখ্য যে দেউতাকৰ কর্মসূত্রে হায়দৰাবাদত থকা অম্লানক ২০১৯ৰ জানুৱাৰীত এথলেটিকছ প্রশিক্ষক নিপন দাসে অসমলৈ আনি সৰুসজাইত এথলেটিকছৰ উন্নত প্রশিক্ষণ আগবঢ়াইছিল৷

You might also like