নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মুম্বাইক হৰুৱালে চেন্নাই ছুপাৰ কিংছে; ৰিতুৰাজৰ চমকপ্রদ বেটিং

নিয়মীয়া বাৰ্তা, ২০ ছেপ্টেম্বৰঃ তিনিবাৰৰ চেম্পিয়ন চেন্নাই ছুপাৰ কিংছে আই পি এলৰ দ্বিতীয় লেগত জয়েৰে আৰম্ভণি কৰিছে৷ ডুবাইত দেওবাৰে অনুষ্ঠিত দ্বিতীয় লেগৰ প্রথমখন মেচত মহেন্দ্র সিং ধোনী নেতৃত্বাধীন দলটোৱে মুম্বাই ইণ্ডিয়ানছক ২০ ৰানত পৰাস্ত কৰিবলৈ সক্ষম হয়৷ ১৫৭ ৰানৰ লক্ষ্যৰ পিছ লৈ পাঁচবাৰৰ চেম্পিয়ন মুম্বাই ইণ্ডিয়ানছে নির্ধাৰিত ২০ অভাৰত ৮ উইকেটৰ বিনিময়ত ১৩৬ ৰানহে সংগ্রহ কৰে৷

দলটোৰ হৈ সৌৰভ তিৱাৰীয়ে ৫০ ৰানত অপৰাজিত হৈ ৰয় যদিও আন কোনো এগৰাকী বেটছমেনৰ পৰা তেওঁ সহযোগিতা লাভ নকৰিলে৷ কুইণ্টন ডি কক (১৭), অনমোলপ্রীত সিং (১৬), সূর্য কুমাৰ যাদৱ (৩) ইশান কিষণ (১১), কিৰণ পোলার্ড (১৫), ক্রুনাল পাণ্ডিয়া (৪) ব্যর্থ হয়৷

ইয়াৰ পূর্বে টছত জিকি প্রথমে বেটিঙৰ সিদ্ধান্ত গ্রহণ কৰি চেন্নাই ছুপাৰ কিংছে চৰম বিপর্যয়ৰ সন্মুখীন হয় যদিও নির্ধাৰিত ২০ অভাৰত ৬ উইকেটৰ বিনিময়ত ১৫৬ ৰান সংগ্রহ কৰে৷ মাত্র ২৪ ৰানৰ ভিতৰতে দলটোৱে চাৰিটাকৈ উইকেট হেৰুৱায়৷ অ’পেনাৰ ৰিতুৰাজ গাইকোৱাডে আক্রমণাত্মক বেটিঙেৰে দলক আগুৱাই নিয়ে যদিও ফাফ ডু প্লেছিছ (০), মঈন আলী (০), সুৰেশ ৰাইনা (৪), মহেন্দ্র সিং ধোনী (৩) কম সময়ৰ ভিতৰতে আউট হয়৷

অভিজ্ঞ বেটছমেন অম্বাটি ৰাইডুৱেও (০) আঘাতপ্রাপ্ত হৈ পেভিলিয়নলৈ উভতে৷ কিন্তু প্রতিভাৱান বেটছমেন গাইকোৱাডে তাৰকা অলৰাউণ্ডাৰ ৰবীন্দ্র জাদেজাৰ সৈতে পঞ্চম উইকেটত ৮১ ৰান আৰু ৱেষ্ট ইণ্ডিজৰ অলৰাউণ্ডাৰ ডোৱেইন ব্রেভোৰ সৈতে ষষ্ঠ উইকেটত ৩৯ ৰান যোগ দি চেন্নাই ছুপাৰ কিংছৰ স্ক’ৰ ১৫৬/৬লৈ আগুৱাই নিয়ে৷ ৰিতুৰাজে ৫৮ বলত ৯টা বাউণ্ডেৰী আৰু চাৰিটা অভাৰ বাউণ্ডেৰীৰ সহায়ত অপৰাজিতভাৱে ৮৮ ৰান সংগ্রহ কৰিবলৈ সক্ষম হয়৷ ব্রেভোৱে মাত্র ৮টা বলত তিনিটা ছিক্সাৰেৰে ২৩ ৰান সংগ্রহ কৰে৷ মুম্বাই ইণ্ডিয়ানছৰ হৈ ট্রেণ্ট ব’ল্ট, আডাম মিলনে আৰু যশপ্রীত বুমৰাহে দুটাকৈ উইকেট পায়৷

You might also like