নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গালৱান সংঘৰ্ষত ৪ জন জোৱান নিহত, ১ জন আহত, স্বীকাৰ কৰিলে চীনেঃ ৰিপর্ট

নিয়মীয়া বাৰ্তা, ১৯ ফেব্ৰুৱাৰীঃ  অৱশেষত আঠ মাহৰ পিছত গালৱান সংঘৰ্ষত চাৰি জোৱান নিহত হৈছিল বুলি স্বীকাৰ কৰিলে চীনে। আহত হৈছিল এজন। পূৱ লাদাখৰ পাংগং চ’ লেকৰ পৰা ভাৰতীয় আৰু চীনা সৈন্যসকল প্ৰত্যাহাৰ কৰাৰ পাছতে পিপ’লছ লিবাৰেচন আৰ্মী (পিএলএ) দৈনিক বাতৰি কাকতৰ দ্বাৰা এই তথ্য প্ৰকাশ কৰা হৈছে।

চীনৰ এক চৰকাৰী সংবাদ মাধ্যমৰ প্ৰতিবেদনৰ উদ্ধৃতি দি সংবাদসংস্থা ৰয়টাৰে জনাইছে যে চীনৰ পৰা ভাৰতীয় ভূখণ্ডত প্ৰৱেশ কৰা হংজুন, চেন চিয়াগ্ৰং, চিয়াও চিয়ুয়ান আৰু ৱাং জাইৰাণৰ মৃত্যু হৈছিল।’ প্ৰতিবেদনত আৰু উল্লেখ কৰা হৈছে যে চেন চিয়াগ্ৰংক মৰণোত্তৰভাৱে “গাৰ্ডিয়ান অফ দি ফ্ৰণ্টিয়াৰ হিৰো”ৰ সম্মানেৰে সন্মানিত কৰা হৈছে। বাকী তিনিজনক পিপ’লছ লিবাৰেশ্বন আৰ্মী (পিএলএ) দ্বাৰা প্ৰথম পৰ্যায়ৰ মেধা সন্মান দিয়া হৈছিল।

একে সময়তে, গালৱান সংঘৰ্ষত চীনক নেতৃত্ব দিয়া কৰ্ণেলজন গুৰুতৰভাৱে আহত হৈছিল, যাক সন্মানসূচক উপাধি প্ৰদান কৰা হৈছে।

উল্লেখ্য যে বিগত বর্ষৰ জুন মাহত লাডাখৰ গালৱান উপত্যকাত চীনা সৈন্যৰ হাতত ২০ ভাৰতীয় জোৱান শ্বহীদ হোৱাৰ পিছতে এল এ চিত উত্তেজনাময় পৰিস্থিতিৰ সৃষ্টি হৈছিল৷ তেতিয়াৰে পৰা দুই দেশৰ মাজত সীমান্তত চলি থকা উত্তেজনা হ্রাস কৰি যথাস্থিতি বাহাল ৰখাৰ প্রচেষ্টাৰে দুয়ো দেশৰ সেনাৰ কমাণ্ডাৰ পর্যায়ৰ কেইবালানিও বৈঠক অনুষ্ঠিত হয় যদিও কোনোধৰণৰ মীমাংসাত উপনীত হোৱা নাই৷ সামৰিক আলোচনা আৰু কূটনৈতিক আলোচনাৰে এলএচিত চলি থকা উত্তেজনা হ্রাস কৰাৰ বাবে প্রয়াস এতিয়াও অব্যাহত আছে।

You might also like