নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অসম ভলীবল সন্থাৰ সম্পাদক ডাঃ চৈতন্য প্রসাদ শইকীয়াৰ মৃত্যু

নিয়মীয়া বার্তা, ৮ এপ্রিলঃ  অসম ভলীবল সন্থাৰ সম্পাদক, বিশিষ্ট চিকিৎসক তথা বিশিষ্ট ক্রীড়া সংগঠক ডাঃ চৈতন্য প্রসাদ শইকীয়াৰ আকস্মিক বিয়োগে ৰাজ্যৰ ক্রীড়া জগতত গভীৰ শোকৰ ছাঁ পেলাইছে৷

৬৮ বছৰীয়া শইকীয়াই যোৱানিশা গুৱাহাটীৰ এখন ব্যক্তিগত চিকিৎসালয়ত শেষ নিশ্বাস ত্যাগ কৰে৷ একালৰ সুদক্ষ ভলীবল খেলুৱৈগৰাকী দীর্ঘদিন ধৰি হূদৰোগত আক্রান্ত হৈ আছিল৷ ২০১৯ৰ নৱেম্বৰ মাহৰ পৰা অসম ভলীবল সন্থাৰ সাধাৰণ সম্পাদক হিচাপে কার্যনির্বাহ কৰা প্রয়াত শইকীয়া আছিল অসম ভলীবল দলৰ প্রাক্তন অধিনায়ক৷

১৯৭৫ চনত তেওঁ গুৱাহাটীত অনুষ্ঠিত ছিনিয়ৰ ৰাষ্ট্রীয় ভলীবল প্রতিযোগিতাত অসমক নেতৃত্ব দিছিল৷ গুৱাহাটী ছিনিয়ৰ জিলা ভলীবল দলৰো তেওঁ অধিনায়ক আছিল৷ ২০১৪ৰ পৰা ২০১৬লৈ গুৱাহাটী ক্রীড়া সন্থাৰ সদস্য হিচাপে থকা প্রয়াত শইকীয়াই ২০১৫ত অসম ভলীবল সন্থাৰ গৱর্নিং বডীৰ সদস্য হৈছিল আৰু বাছনি কমিটীৰ অধ্যক্ষ হিচাপে কার্যনির্বাহ কৰিছিল৷

উল্লেখ্য যে শেহতীয়াকৈ ভুবনেশ্বৰত যোৱা মার্চ মাহত অনুষ্ঠিত ৬৯সংখ্যক ছিনিয়ৰ ৰাষ্ট্রীয় ভলীবল প্রতিযোগিতাত তেওঁ চিকিৎসা বিভাগৰ দায়িত্ব পালন কৰিছিল৷ প্রতিযোগিতাখনত অসম ৰানার্ছআপ হৈছিল৷ তেওঁৰ মৃত্যুত মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালে গভীৰ শোক প্রকাশ কৰিছে৷

অসম ভলীবল সন্থাৰ সভাপতি সুশান্ত বিশ্ব শর্মা, যুটীয়া সচিব খনীন দত্ত, অসম অলিম্পিক সন্থাৰ সাধাৰণ সম্পাদক লক্ষ্য কোঁৱৰ, অসম ছেপাক টাক্র’ সন্থাৰ সাধাৰণ সম্পাদক বিষ্ণুৰাম নুনিছা, অসম প্রবীণ ভলীবল খেলুৱৈ সন্থাৰ সম্পাদক ভবেন্দ্র কুমাৰ ডেকা, ভাৰতীয় ভলীবল দলৰ প্রাক্তন অধিনায়ক অভিজিৎ ভট্টাচার্য আদিয়ে বিশিষ্ট ক্রীড়া সংগঠকগৰাকীৰ মৃত্যুত শোক প্রকাশ কৰি পৰিয়ালবর্গলৈ সমবেদনা জ্ঞাপন কৰিছে৷

You might also like