নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সিন্ধু খিতাপ যুঁজত, শ্রীকান্ত বাহিৰ

নিয়মীয়া বাৰ্তা, ৭ মার্চঃ ভাৰতৰ আগশাৰীৰ মহিলা শ্বাটলাৰ পি ভি সিন্ধুৱে ছুইছ অ’পেন ছুপাৰ ৩০০ বেডমিণ্টন প্রতিযোগিতাৰ মহিলা শাখাৰ ছিংগলছৰ খিতাপ যুঁজত স্থান সুৰক্ষিত কৰিছে৷

কালি অনুষ্ঠিত ছেমিফাইনেল মেচখনত বিশ্ব বেডমিণ্টন চেম্পিয়নশ্বিপৰ চেম্পিয়ন সিন্ধুৱে চতুর্থ বাছনিপ্রাপ্ত ডেনমার্কৰ মিয়া ব্লিছফেল্টক পৰাস্ত কৰি ফাইনেলত উপনীত হয়৷

৪৩ মিনিটৰ মেচখনত সিন্ধুৱে ২২–২০, ২১–১০ গেমত জয়লাভ কৰে৷ মন কৰিবলগীয়া যে ২০১৯ চনৰ বিশ্ব চেম্পিয়নশ্বিপৰ পিছত প্রথমবাৰৰ বাবে ফাইনেলত উপনীত হৈছে সিন্ধু৷

ইফালে, প্রাক্তন চেম্পিয়ন ভাৰতৰ কিদাম্বি শ্রীকান্তে পুৰুষ ছিংগলছৰ ছেমিফাইনেলৰ পৰা বিদায় মাগিছে৷ শ্রীকান্তে বিশ্বৰ শীর্ষ বাছনিৰ ভিক্টৰ এক্সেলছেনৰ হাতত ২১–১৩, ২১–১৯ গেমত পৰাজয়বৰণ কৰে৷

You might also like