নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কমতাপুৰ কোচ ৰাজবংশী শিল্পী সমাজৰ প্ৰতিষ্ঠা দিৱস পালন

২০১৮ চনৰ ৬ জানুৱাৰীত প্ৰতিষ্ঠা লাভ কৰে কামতাপুৰ কোচ ৰাজবংশী শিল্পী সমাজ। ছালাকাটি এন টি পি চিৰ অপ্ৰয়োজনীয় কয়লাৰ গুৰি-পানী পেলনীয়া ঠাই হিচাপে আটক ধুনীয়াকৈ নিৰ্মিত কোকৰাঝাৰ জিলাৰ ঢোলমাৰা অঞ্চলৰ চকচকা বিলৰ কাষত জম্ম লাভ কৰে শিল্পী সমাজটি।

তেতিয়াৰে পৰাই ঠায়ে ঠায়ে বিভিন্ন কাৰ্যসূচীৰ উপৰি বিশেষকৈ কোচ ৰাজবংশী সমাজলৈ আগবঢ়োৱা অৱদানৰ বাবে জেষ্ঠ শিল্পী সকলক সম্বৰ্ধনা জনাই অহাৰ লগতে কনিষ্ঠ তথা উঠি অহা শিল্পী সকলোকো উচ্ছাস-উদ্দীপনা জগাই আহিছে কমতাপুৰ কোচ ৰাজবংশী শিল্পী সমাজে।

উক্ত শিল্পী সমাজৰ অষ্টম প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি কালি সন্ধিয়া পুৰণি সমিতিখন ভঙ্গ কৰি নতুন সমিতি খন গঠন কৰা হয়। বি টি চিৰ সদৰ কোকৰাঝাৰ চহৰৰ নিকটৱৰ্তী দিয়াঝিজিৰি গাঁৱৰ তাৰাং নৈৰ পাৰত অনুষ্ঠিত হৈ থকা চতুৰ্থ কামতা মিউজিক ফেষ্টিভেল প্ৰাংগণত অনুষ্ঠিত সভাত পূৰ্বৰ সভাপতি শ্ৰীমন্ত মণ্ডলক পুনৰ সভাপতি, ডিজেল্ড কোচ, জয়মতী ৰায়, ধনজিত বৰ্মনক উপ সভাপতি, মহানন্দ কোচ গান্ধীক সম্পাদক, ৰিয়ান ৰায় আৰু অমূল্য বৰ্মনক সহ সম্পাদক, সঞ্জয় ৰায়ক প্ৰচাৰ, শিৱ শেষৰ সিংহক সাংস্কৃতিক, তাপস কোঁচক বিত্ত হিচাপে লৈ ৩১ জনীয়া নতুন সমিতি খন গঠন কৰা হয়।

নতুন সমিতিখনে পূৰ্বৰ ভুল-ত্ৰুটি আতঁৰাই প্ৰতি মাহে মাহে গুগল মিট, তিনিমাহৰ মূৰত সভা অনুষ্ঠিত কৰাৰ লগতে শিল্পী সমাজৰ নামত ৰেজিষ্ট্ৰেচন, বেংক একাউণ্ট খুলি প্ৰনালীবদ্ধ আৰু গতিশীল কৰি তোলাৰ লগতে নতুন ৰূপেৰে আগবাঢ়ি যাব বুলি পুনৰ সভাপতিৰ দায়িত্ব লাভ কৰা শ্ৰীমন্ত মণ্ডলে দৃঢ়তাৰে ঘোষণা কৰে । তাৰবাবে তেওঁ সকলোৰে পৰা সহায়-সহযোগ একান্তভাৱে কামনা কৰে।

নিয়মীয়া বাৰ্তা, বাসুগাঁও, ৭ জানুৱাৰী

You might also like