নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কাইলৈৰ ভাৰত–কিৱিৰ টি–২০ৰ বাবে সাজু বর্ষাপাৰা ষ্টেডিয়াম

নিউজ ডেস্ক, ২৪ জানুৱাৰী : ২৫ জানুৱাৰীৰ সন্ধিয়া ৭ বজাৰ পৰা আৰম্ভ হ’বলগীয়া ভাৰত আৰু নিউজিলেণ্ডৰ মাজৰ তৃতীয় আন্তঃৰাষ্ট্রীয় টি–২০ খেলৰ বাবে সাজু বর্ষাপাৰা এচিএ ষ্টেডিয়াম৷

অসম ক্রিকেট সংস্থাই এক বিবৃতিত সদৰী কৰা মতে, আন্তঃৰাষ্ট্রীয় খেলখনক লৈ ক্রিকেট অনুৰাগীৰ মাজত ব্যাপক উৎসাহ–উদ্দীপনাৰ সৃষ্টি হৈছে৷ বিশ্বৰ দুয়োটা আগশাৰীৰ ক্রিকেট দলৰ মাজত গুৱাহাটীত অনুষ্ঠিত হ’বলগীয়া খেলখনৰ টিকট ইতিমধ্যে প্রায় শেষ হৈছে৷ দুয়োটা দলে ২৪ জানুৱাৰীত চার্টাড বিমানযোগে বিয়লি ৫.০৫ বজাত লোকপ্রিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্রীয় বিমানবন্দৰত অৱতৰণ কৰিব৷ অসম ক্রিকেট সংস্থাই খেলুৱৈ, বিষয়া, সম্প্রচাৰক আৰু দর্শকৰ বাবে বিশ্বমানৰ সুবিধা উপলব্ধ হোৱাকৈ আৰু এখন সুন্দৰ খেলৰ অভিজ্ঞতা দিয়াৰ বাবে সকলো যাৱতীয় ব্যৱস্থা গ্রহণ কৰিছে৷

আইচিচি আৰু বিচিচিআইৰ প্রট’কলৰ সৈতে সংগতি ৰাখি পিটছ প্রস্তুত, খেলুৱৈৰ সুবিধা, সম্প্রচাৰৰ সুব্যৱস্থা আৰু দর্শকৰ ভিৰ নিয়ন্ত্রণৰ ক্ষেত্রত আন্তঃৰাষ্ট্রীয় মান বজাই ৰখাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে এচিএই৷ তদুপৰি অসম ক্রিকেট সংস্থাই সুৰক্ষা, নিৰাপত্তা আৰু দর্শকৰ সুবিধাক সর্বোচ্চ অগ্রাধিকাৰ প্রদান কৰিছে৷ এখন উচ্চ মানৰ খেলৰ সময়ত দর্শকসকলক ষ্টেডিয়ামৰ নীতি–নিয়ম মানি চলিবলৈ লগতে নিষিদ্ধ সামগ্রী লগত লৈ নাহিবলৈ অনুৰোধ জনাইছে৷ বিয়লি ৪ বজাৰ পৰা দর্শকৰ বাবে ষ্টেডিয়ামৰ প্রৱেশদ্বাৰ মুকলি কৰি দিয়া হ’ব বুলিও সংস্থাৰ বিবৃতিটোত প্রকাশ৷

You might also like