ক’ভিড নিয়ন্ত্রণত ব্যর্থ বিশ্ব স্বাস্থ্য সংস্থা এৰিলে আমেৰিকাই
নিউজ ডেস্ক, ২৪ জানুৱাৰী : ঘোষণা কৰা হৈছিল পূর্বতেই৷ সেইমর্মে বৃহস্পতিবাৰে আনুষ্ঠানিকভাৱে বিশ্ব স্বাস্থ্য সংস্থা চমুকৈ ‘হু’ৰ পৰা নিজকে আঁতৰাই আনিলে আমেৰিকাই৷
ব্লুমবার্গৰ পৰিসংখ্যা অনুসৰি ‘হু’ক সকলো প্রকাৰৰ অনুদান দিয়াটো বন্ধ কৰি দিছে আমেৰিকাৰ স্বাস্থ্য বিভাগে৷ বিশ্বৰ বিভিন্ন প্রান্তত থকা হুৰ কার্যালয়ৰ পৰাও মার্কিন বিষয়াসকলক ওভতাই আনিবলৈ লৈছে আমেৰিকাই৷ আমেৰিকাৰ অভিযোগ যে ৰাষ্ট্রসংঘৰ নিয়ন্ত্রণাধীন হুৱে যথাযথভাৱে ক’ভিড অতিমাৰীৰ মোকাবিলা কৰিব পৰা নাই৷
হোৱাইট হাউছে অভিযোগ কৰে যে হু অন্য দেশৰ দ্বাৰা ৰাজনৈতিকভাৱে প্রভাৱিত আৰু তাৰ বাবে সংস্থাটোত দীর্ঘদিন ধৰি কোনো সংস্কাৰ হোৱা নাই৷ ২০২৫ বর্ষৰ জানুৱাৰী মাহত দ্বিতীয়বাৰ আমেৰিকাৰ ৰাষ্ট্রপতি হোৱাৰ পিছত ট্রাম্পে হুৰ পৰা ওলাই অহাৰ নির্দেশনামাত স্বাক্ষৰ কৰিছিল৷ এবছৰ পিছত আনুষ্ঠানিকভাৱে সংস্থাটোৰ পৰা ওলাই গ’ল আমেৰিকা৷ আমেৰিকাৰ ওচৰত হুৰ অনাদায় হৈ আছে ২৬ কোটি ডলাৰ (ভাৰতীয় মূদ্রাত ২৪০০ কোটি টকা) ৷
নিয়ম অনুসৰি কোনো দেশে যদি হুৰ সদস্য পদ এৰে তেন্তে এবছৰ পূর্বে তাৰ বাবে ন’টিচ দিব লাগিব৷ তদুপৰি এৰাৰ পূর্বে অনাদায় ধন আদায় দিব লাগিব৷ এনে কোনো নিয়মৰ কথা অৱশ্যে অস্বীকাৰ কৰিছে আমেৰিকাই৷ ব্লুমবার্গৰ পৰিসংখ্যাত কোৱা হৈছে যে ২০২২ৰ পৰা ২০২৩ চন পর্যন্ত হুক আটাইতকৈ বেছি আর্থিক অনুদান দিছিল আমেৰিকাই৷ সমগ্র বিশ্বত ৰোগ নির্ণয়, ৰোগ নির্মূলৰ কাম কৰি থাকে এই সংস্থাটোৱে৷ আমেৰিকাই এই সংস্থাটোৰ পৰা ওলাই যোৱাত বিশ্বত পলিঅ’ নির্মূলকৰণ, প্রসূতি তথা শিশুৰ পুষ্টিকৰণৰ কাম ক্ষতিগ্রস্ত হ’ব বুলি আশংকা কৰা হৈছে৷