নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ক’ৰোনা কালত আইপিএল আয়োজন কৰি ইমান টকা উপাৰ্জন কৰিলে বিচিচিআই-এ

নিয়মীয়া বাৰ্তা, ২৩ নৱেম্বৰঃ ক’ৰোনা মহামাৰীৰ মাজতো আইপিএলৰ উৎসাহ কোনোগুণে কমা দেখা পোৱা নগ’ল এইবাৰ ক্ৰীড়াপ্ৰেমীৰ মাজত। মহামাৰী ক’ৰোনা ভাইৰাছে সৃষ্টি কৰা জটিল পৰিস্থিতিৰ বাবে ভাৰতৰ সলনি এইবাৰ ইউনাইটেড আৰব এমিৰেটছত অনুষ্ঠিত হৈছিল আইপিএল।

আৰু ক’ভিড বিধি মানি সফলভাবে আইপিএল আয়োজন কৰাৰ ফলো হাতে হাতে পালে ভাৰতীয় ক্রিকেট কন্ট্রোল বোর্ডে। কিয়নো এইবাৰৰ আইপিএলত আশা কৰাতকৈও অধিক আয় কৰিল বিচিচিআয়ে।

লগতে পঢ়কঃ আজৱ পৰম্পৰাঃ ২১ বছৰলৈ যুৱতী ভাৰ্জিন হৈ থকাটো বাঞ্ছনীয় এই দেশত, পালন কৰে উৎসৱ

কিমান টকা আয় হ’ল বিচিচিআইৰ?

জনা গৈছে, টুর্নামেন্টৰ পৰা ৪ হাজাৰ কোটি টকা উপার্জন কৰিছে ভাৰতীয় বোর্ডে। একেসময়তে ভিউয়াৰচিতো সৃষ্টি হ’ল নতুন ৰেকর্ড। এই সাফল্যৰ বাবে এমিৰেটছ ক্রিকেট বোর্ডক (ECB) ধন্যবাদ জনাইছে বিচিচিআইৰ কোষাধক্ষ অৰুণ ধুমলে।

তেওঁ জনায়, “বিগতবাৰৰ তুলনাত এইবাৰ ৩৫ শতাংশ খৰছ কম হৈছে। আৰু বোর্ডে আয় কৰিছে ৪০০০ কোটি টকা। কেৱল সেয়াই নহয়, আমাৰ টিভি ভিউয়াৰচিপো ২৫ শতাংশ বৃদ্ধি পাইছে। আইপিএলৰ ইতিহাসত এইবাৰেই উদ্বোধনী মেচত সর্বোচ্চ ভিউয়াৰচিপ হৈছে। টুর্নামেন্টখন অনুষ্ঠিত নোহোৱা হ’লে ক্রিকেটাৰসকলৰ এটা বছৰ নষ্ট হ’লহেতেন।”

You might also like