নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আজৱ পৰম্পৰাঃ ২১ বছৰলৈ যুৱতী ভাৰ্জিন হৈ থকাটো বাঞ্ছনীয় এই দেশত, পালন কৰে উৎসৱ

নিয়মীয়া বাৰ্তা, ২৩ নৱেম্বৰঃ দক্ষিণ আফ্ৰিকাৰ জুলু উপজাতিৰ মাজত উমেমুলো নামৰ এক অনন্য পৰম্পৰা আছে। এই পৰম্পৰা অনুসৰি ২১ বছৰ বয়সলৈ সতিত্ব বজাই ৰখা মহিলাসকলক লৈ জনজাতিটোৰ মাজত কৰা হয় বিশেষ পৰম্পৰাগত উতসৱ। সতিত্ব বজাই ৰখা মহিলাগৰাকীক প্ৰদান কৰা হয় নানা উপহাৰ আৰু তেওঁৰ নামত বিশ্বাস কৰা দেৱতালৈ উছৰ্গা কৰা হয় কোনো পশু।

লগতে পঢ়ক- মন্দিৰৰ ভিতৰত হিন্দু যুৱতীক চুম্বন মুছলমান প্ৰেমিকৰ; তাৰ পিছত…!

এই সম্পৰ্কে থেম্বেলা নামৰ এগৰাকী জুলু জনজাতিৰ মহিলাই অলপতে ভাইচ ইণ্ডিয়া নামৰ এখন আলোচনীত লিখা এটা প্ৰবন্ধ মতে, জুলু জনজাতিৰ প্ৰতিগৰাকী মহিলাই এই পৰম্পৰা ৰক্ষা কৰাটো নিতান্তই প্ৰয়োজনীয়। যদি কোনো মহিলাই ইয়াক পালন নকৰে তেন্তে তেওঁ সতী নহয় বুলি বুজা যায় আৰু কোনো পুৰুষৰে শাৰীৰিক সম্পৰ্ক স্থাপন কৰা বুলি গণ্য কৰা হয়। সমাজখনত এয়া এক অসন্মানীয় কাৰ্য বুলি অভিহিত কৰা হয়।

কাৰণ জুলু সমাজত প্ৰাকবৈবাহিক যৌন মিলনক অপবিত্ৰ বুলি গণ্য কৰা হয়। অৱশ্যে থেম্বেলাই বিশ্বাস নকৰোঁ যে যৌন সম্ভোগৰ বাবে এগৰাকী মহিলাকে দায়ী কৰিব পাৰি। এই নিয়ম পুৰুষ আৰু মহিলা দুয়োৰে বাবে একে হ’ব লাগে। আমাৰ সমাজত পুৰুষৰ বাবে এনে কোনো চৰ্ত নাই বাবে তেওঁ আক্ষেপো প্ৰকাশ কৰে। এই পৰম্পৰাটোত নিজকে সংযুক্ত কৰিব নোৱৰালৈকে এগৰাকী জুলু জনজাতিৰ মহিলাৰ সদায়ে কিছু উদ্বিগ্নতাৰ মাজত থাকিব লগা হয়।

You might also like