নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মন্দিৰৰ ভিতৰত হিন্দু যুৱতীক চুম্বন মুছলমান প্ৰেমিকৰ; তাৰ পিছত…!

নিয়মীয়া বাৰ্তা, ২৩ নৱেম্বৰঃ বিতর্কৰ মাজত সোমাই পৰিছে মীৰা নায়াৰৰ ৱেবছিৰিজ ‘এ ছুইটেবল বয়’। ৱেবছিৰিজত থকা মন্দিৰৰ ভিতৰত এক চুম্বন দৃশ্যক লৈ উঠিছে আপত্তি। নেটফ্লিক্সৰ বিৰুদ্ধে এফআইআৰ পৰ্যন্ত দাখিল কৰা হৈছে বিজেপি নেতাৰ ফালৰ পৰা।

বিগত ২৩ অক্টোবৰত নেটফ্লিক্সত মুক্তি পাইছিল মীৰা নায়াৰ পৰিচালিত ৱেব ছিৰিজ ‘এ ছুইটেবল বয়’। মুক্তি পোৱাৰ প্রায় এমাহ পিছত হিন্দু ভাবাৱেগত আঘাত কৰা বুলি অভিযোগ তুলিছে বিজেপি নেতা গৌৰৱ তিৱাৰীয়ে। দাখিল কৰিছে এজাহাৰ।

ৱেবছিৰিজত এটা দৃশ্যত দেখুওৱা হৈছে মন্দিৰত এগৰাকী হিন্দু যুৱতীক চুম্বন কৰিছে এগৰাকী মুছলিম যুৱেক। মন্দিৰৰ আৰতিৰ সময়ত দেখুওৱা হৈছে এই দৃশ্য। আপত্তি উঠিছে ইয়াতেই। ছ’চিয়েল নিডিয়াত আৰম্ভ হৈছে BoycottNetflix।

মধ্যপ্রদেশেৰ মন্ত্রী নৰোত্তম মিশ্রয়ো ঘটনাটিক লৈ ক্ষুব্ধ। তেওঁ কৈছে, ‘নেটফ্লিক্স আৰু এই ৱেবছিৰিজৰ পৰিচালক-প্রযোজকৰ বিৰুদ্ধে কোনো আইনী পদক্ষেপ লোৱা হ’ব নে নহয় তাক দেখা যাব।’
উল্লেখ্য, ১৯৯৩ চনত লিখা বিক্রম শেঠৰ উপন্যাসৰ আধাৰত নিৰ্মিত ‘এ ছুইটেবল বয়’। ১৯৫১ৰ ভাৰতৰ পটভূমিত লিখা হৈছিল উপন্যাসখন। পৰিচালক মীৰা নায়াৰে এই উপন্যাসৰ ভিত্তিতে নিৰ্মাণ কৰিছিল ছবিখন। ‘এ ছুইটেবল বয়’ৰ মুখ্য চৰিত্ৰত আছে তাবু, ঈশান খট্টৰ, তানিয়া মানিকতলা, ৰশিকা ডুগ্গলসহ অনেকজন।

লগতে পঢ়ক- আজৱ পৰম্পৰাঃ ২১ বছৰলৈ যুৱতী ভাৰ্জিন হৈ থকাটো বাঞ্ছনীয় এই দেশত, পালন কৰে উৎসৱ

You might also like