নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

২০২১ৰ আই পি এলৰ পূর্বে ঘৰুৱা ক্রিকেট খেলক ধোনীয়ে

নিয়মীয়া বাৰ্তা ৩ নৱেম্বৰঃ  ভাৰতীয় ক্রিকেট নিয়ন্ত্রণ ব’ৰ্ডৰ ঐশ্বর্যশালী ক্রিকেট প্রতিযোগিতা ইণ্ডিয়ান প্রিমিয়াৰ লীগৰ পৰা মহেন্দ্র সিং ধোনীয়ে অৱসৰ নলয় বুলি মন্তব্য কৰাৰ পিছতে চেন্নাই ছুপাৰ কিংছৰ অধিনায়কগৰাকীক কিছু পৰামর্শ আগবঢ়াইছে টীম ইণ্ডিয়াৰ প্রাক্তন অধিনায়ক সুনীল গাভাস্কাৰে৷ সম্প্রতি সংযুক্ত আৰব আমীৰ শ্বাহীত চলি থকা প্রতিযোগিতাখনত দুর্বল প্রদর্শন দাঙি ধৰা চেন্নাই ছুপাৰ কিংছৰ অধিনায়ক ধোনীক ২০২১ চনৰ আই পি এলৰ পূর্বে হেৰুওৱা ফর্ম উদ্ধাৰ কৰাৰ বাবে উপদেশ দিছে গাভাস্কাৰে৷ আই পি এলৰ ত্রয়োদশ সংস্কৰণৰ লীগ পর্যায়ৰ পৰা চেন্নাই ছুপাৰ কিংছে বিদায় লোৱাৰ পিছত গাভাস্কাৰে ফ্রেনচাইজীটোৰ অধিনায়ক ধোনীক ২০২১ চনৰ আই পি এলৰ পূর্বে ঘৰুৱা ক্রিকেটত অধিক মনোনিৱেশ কৰাৰ বাবে পৰামর্শ আগবঢ়াইছে৷ ষ্টাৰ স্প’টছৰে হোৱা এক বার্তালাপত গাভাস্কাৰে কয় যে ধোনী এগৰাকী দক্ষ খেলুৱৈৰ লগতে এগৰাকী মহান অধিনায়কো৷ যদি ধোনীয়ে ঘৰুৱা ক্রিকেটত অংশগ্রহণ কৰে, তেতিয়াহ’লে তেওঁ আগন্তুক আই পি এলত ৪০০ৰো অধিক ৰান কৰিবলৈ সক্ষম হ’ব৷ চলিত আই পি এলত বিশেষ উন্নত প্রদর্শন দাঙি ধৰিব নোৱাৰিলেও ধোনীয়ে ২০২১ চনৰ আই পি এলৰ পূর্বে তেওঁৰ হেৰুওৱা ফর্ম উদ্ধাৰ কৰিব পাৰিব বুলি মই বিশ্বাসী৷ অৱশ্যে ইয়াৰ বাবে তেওঁ অধিক ঘৰুৱা প্রতিযোগিতাত অংশগ্রহণ কৰিব লাগিব৷

You might also like