নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দুসপ্তাহে বিকল ষ্ট্রীটলাইটঃ গান্ধীমণ্ডপ পথত যাতায়াতত দুর্ভোগ পথচাৰীৰ

নিয়মীয়া বাৰ্তা, ২৯ এপ্ৰিলঃ মহানগৰীৰ গান্ধীমণ্ডপ পথত যোৱা ১০–১৫ দিন ধৰি বিকল হৈ আছে ষ্ট্রীটলাইট৷ গান্ধীমণ্ডপ পথৰ মূল অংশৰ কেইটামান ষ্ট্রীটলাইট জ্বলি আছিল৷ কিছুদিন পূর্বে অহা এজাক ধুমুহা, বতাহ–বৰষুণৰ ফলত আটাইকেইটা ষ্ট্রীটলাইট বিকল হৈ পৰে৷ ফলত সন্ধিয়া পথটো হৈ পৰে অন্ধকাৰছন্ন৷ ইয়াৰ সুযোগ গ্রহণ কৰি একাংশই পথছোৱাত মদ–ভাঙৰ আড্ডা পতাৰ লগতে অন্যান্য অসামাজিক কামত লিপ্ত হয়৷

স্থানীয় একাংশ নাগৰিকে জানিবলৈ দিয়া মতে, ২ অক্টোবৰৰ গান্ধী জয়ন্তী আহিলে পথছোৱাৰ মাজে মাজে ষ্ট্রীটলাইট লগাই দিয়ে৷ যোৱা বছৰত পথৰ অধিকাংশ ঠাইত লগোৱা নহ’ল ষ্ট্রীটলাইট৷ মাত্র ১০–১৫টা ষ্ট্রীটলাইট জ্বলি আছিল৷ সেইকেইটা লাইট বিকল হোৱাৰ দুসপ্তাহ অতিক্রম কৰিলে৷ এইক্ষেত্রত গুৱাহাটী পৌৰ নিগমৰ এবাৰো আঁহৰি নহ’ল ষ্ট্রীটলাইটসমূহ চোৱা–চিতা কৰিবলৈ৷

ইপিনে, সান্ধ্য ভ্রমণ কৰিবলৈ অহা লোকে জানিবলৈ দিয়া মতে, মহানগৰীৰ বিভিন্ন স্থানৰ পৰা সন্ধিয়া খোজকঢ়াৰ লগতে ফুৰিবলৈ আহি পুৰুষ–মহিলাৰ লগতে ল’ৰা–ছোৱালীসকল অন্ধকাৰময় পৰিৱেশেৰে উভতি যাব ল’গা হয়৷ সেয়েহে স্থানীয় লোকে শীঘ্রে ড্রীটলাইট মেৰামতি কৰাৰ বাবে পৌৰ নিগমক আহ্বান জনায়৷

You might also like