নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

এদিনীয়া, টি–২০ক বিদায় জনালে অধিনায়ক গকুল শর্মাই

নিয়মীয়া বাৰ্তা, ২ মাৰ্চঃ অসম দলৰ অধিনায়ক তথা অন্যতম সফল বেটছমেন গকুল শর্মাই এদিনীয়া আৰু টি–২০ ক্রিকেটৰ পৰা অৱসৰ গ্রহণ কৰিছে৷ চেন্নাইত আজি বিজয় হাজাৰে এদিনীয়া ট্রফীৰ প্লেট গ্রুপৰ অন্তিমখন মেচ খেলাৰ পিছতে অধিনায়ক গকুলে অৱসৰৰ কথা ঘোষণা কৰে৷ অৱশ্যে তেওঁ ৰঞ্জি ট্রফীত অসমৰ হৈ খেলি থাকিব৷

উল্লেখ্য যে বিগত কেইবাবছৰ ধৰি অসম দলক নেতৃত্ব দি অহা ৩৫ বছৰীয়া গকুলে বিগত চাৰি বছৰ ধৰি টি–২০ মেচ খেলা নাছিল৷ তেওঁৰ নেতৃত্বত অসমে আজি বিজয় হাজাৰে এদিনীয়া ট্রফীৰ প্লেট গ্রুপৰ আটাইকেইখন মেচত জয়েৰে দ্বিতীয় স্থান অধিকাৰ কৰিবলৈ সক্ষম হয়৷ এই প্রদর্শনৰ সুবাদত দলটোৱে অহা বছৰ এলিট গ্রুপত খেলাৰ যোগ্যতাও অর্জন কৰে৷

অলৰাউণ্ডাৰ গকুলে ২০০৫ চনৰ ১৫ জানুৱাৰীত কলকাতাৰ ইডেন গার্ডেনত বংগৰ বিৰুদ্ধে এদিনীয়াত অভিষেক ঘটাইছিল৷ অসমৰ হৈ ৬৫খন এদিনীয়া মেচ খেলা মিডল অর্ডাৰ বেটছমেনগৰাকীয়ে ৭টা অর্ধশতকসহ ১,১৫২ ৰান সংগ্রহ কৰিবলৈ সক্ষম হয়৷ একেদৰে, ২০০৭ত টি–২০ অভিষেক ঘটোৱা গকুলে ২৪খন মেচ খেলে৷

You might also like