নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ফেব্রুৱাৰীত জিএছটি সংগ্রহ ১.১৩ লাখ কোটি

নিয়মীয়া বাৰ্তা, ২ মাৰ্চঃ ক্রমাগত পঞ্চমবাৰৰ বাবে জি এছ টি সংগ্রহ লক্ষাধিক কোটি টকা হৈছে৷ ফেব্রুৱাৰী মাহত জি এছ টি সংগ্রহ হৈছে ১.১৩ লাখ কোটি টকা৷ জানুৱাৰী মাহৰ তুলনাত জি এছ টি সংগ্রহ সামান্য হ্রাস পালেও বিগত বর্ষৰ ফেব্রুৱাৰী মাহৰ তুলনাত চলিত বর্ষৰ ফেব্রুৱাৰীত ৭ শতাংশ জি এছ টি বৃদ্ধি পাইছে৷

কেন্দ্রীয় বিত্ত মন্ত্রালয়ে প্রকাশ কৰা মতে দেশৰ অর্থনীতি পুনৰুজ্জীৱিত হোৱাৰ ইংগিত লাহে লাহে স্পষ্ট হৈ পৰিছে৷ ফেব্রুৱাৰীত সংগ্রহ হৈছে মুঠ ১১৩,১৪৩ কোটি টকা৷ ইয়াৰে ভিতৰত চি জি এছ টি ২১,০৯২ কোটি, এছ জি এছ টি ২,৭২৩ কোটি, আই জি এছ টি ৫৫,২৫৩ আৰু উপ–কৰ ৯,৫২৫ কোটি টকা৷

মন্ত্রালয়ৰ বিবৃতিত প্রকাশ পোৱা মতে আমদানিকৃত সামগ্রীৰ ৰাজহ ১৫ শতাংশ বৃদ্ধি পাইছে৷ ঠিক তেনেদৰে ঘৰুৱা লেনদেন ৫ শতাংশ বৃদ্ধি পাইছে৷ বিগত বর্ষৰ ফেব্রুৱাৰী মাহৰ তুলনাত চলিত বর্ষৰ ফেব্রুৱাৰীত আমদানিকৃত ৰাজহ সংগ্রহ বৃদ্ধি পোৱাৰ লগতে আমদানিকৃত সামগ্রীৰ উপ–কৰৰো বৃদ্ধি পাইছে৷ ক’ৰোনাই বিধ্বস্ত কৰা দেশৰ অর্থনীতি ক্রমান্বেয়ে উজ্জীৱিত হৈ পৰাৰ স্পষ্ট ছবি এখন বিগত ৫ মাহ ধৰি জি এছ টি সংগ্রহ লক্ষাধিক কোটি টকাকৈ হৈ থকাটোৱে প্রমাণিত কৰে বুলি বিত্ত মন্ত্রালয়ৰ বিবৃতিত প্রকাশ৷

উল্লেখ্য যে জানুৱাৰী মাহত জি এছ টি সংগ্রহ হৈছে ১১৯,৮৭৫ কোটি টকা৷ জি এছ টি বলৱৎ হোৱাৰ পিছত ই হৈছে সর্বাধিক জি এছ টি সংগ্রহ৷

You might also like