নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ চেম্পিয়নে লাভ কৰিব ১৩.২৩ কোটি

বিশেষ বাৰ্তা, ২৭ মেঃ টীম ইণ্ডিয়া আৰু অষ্ট্রেলিয়াৰ মাজত অহা ৭ জুনৰ পৰা ইংলেণ্ডৰ দ্য অ’ভেলত অনুষ্ঠিত হ’ব বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ বহু প্রতীক্ষিত ফাইনেল মেচখন৷ ঐতিহাসিক ফাইনেল মেচখনলৈ মাজতে মাথোঁ কেইটামান দিন বাকী থকা অৱস্থাত বিশ্ব ক্রিকেটৰ সর্বোচ্চ সংস্থা আইচিচিয়ে আজি প্রতিযোগিতাখনৰ পুৰস্কাৰৰ ধনৰাশি ঘোষণা কৰিছে৷ বিশ্ব টেষ্ট চেম্পিয়নশ্বিপত ভাগ লোৱা ৯খন দেশক মুঠ ৩১ কোটি ৪৫ লাখ ১৯ হাজাৰ টকা প্রদান কৰিব আইচিচিয়ে৷ বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ দ্বিতীয় সংস্কৰণত চেম্পিয়ন হোৱা দলটোৱে লাভ কৰিব ১৬ লাখ ডলাৰ৷ অর্থাৎ ভাৰতীয় মুদ্রাত ১৩.২৩ কোটি টকা৷ আনহাতে ৰানার্ছআপ দলটোৱে লাভ কৰিব ৮ মিলিয়ন ডলাৰ৷ ভাৰতীয় মুদ্রাত ৬.৬১ কোটি টকা৷ ইফালে তৃতীয় স্থান দখল কৰা দক্ষিণ আফ্রিকাই লাভ কৰিব ৩ কোটি ৭১ লাখ টকাতকৈও অধিক৷ চতুর্থ স্থান দখল কৰা ইংলেণ্ডে ২ কোটি ৯০ লাখ টকা আৰু পঞ্চম স্থানত থকা শ্রীলংকাই ১ কোটি ৬৫ লাখ টকা লাভ কৰিব৷ ষষ্ঠৰ পৰা নৱম স্থান দখল কৰা চাৰিখন দেশক সমপৰিমাণৰ পুৰস্কাৰৰ ধন প্রদান কৰা হ’ব বুলি আইচিচিয়ে ঘোষণা কৰিছে৷ ষষ্ঠৰ পৰা নৱম স্থানত থকা নিউজিলেণ্ড, পাকিস্তান, ৱেষ্ট ইণ্ডিজ আৰু বাংলাদেশে প্রায় ৮৩ লাখ টকা লাভ কৰিব৷ উল্লেখ্য যে চলিত আইপিএলৰ চেম্পিয়ন দলটোৱে এইবাৰ পুৰস্কাৰ হিচাপে লাভ কৰিব ২০ কোটি টকা৷ ৰানার্ছআপে পাব ১৩ কোটি টকা৷ অর্থাৎ ভাৰতীয় ক্রিকেট নিয়ন্ত্রণ ব’ডৰ প্রতিযোগিতাৰ পুৰস্কাৰৰ ধন আইচিচিৰ টেষ্ট চেম্পিয়নশ্বিপৰ ধনৰাশিতকৈ অধিক৷

You might also like