নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰেৱতী ফুকনৰ পুত্র কুইপ’ আলফাৰ মধ্যস্থতাকাৰী

নিয়মীয়া বাৰ্তা ২৩ ফেব্ৰুৱাৰীঃ কুইপ’ৰ দুই অপহূত বিষয়াৰ মুক্তিৰ বিষয়টো ‘অন্তিম পর্যায়’ত উপনীত হোৱা বুলি সোমবাৰে প্রকাশ কৰে আলফা আৰু কুইপ’ৰ মাজৰ মধ্যস্থতাকাৰী নিৰুদ্দিষ্ট ৰেৱতী ফুকনৰ পুত্র কৌশিক ফুকনে৷ বিগত দুসপ্তাহে ৰাজ্যজুৰি হাহাকাৰ সৃষ্টি কৰা কুইপ’ৰ অৰুণাচলৰ ডায়ুনৰ খাদৰ পৰা আলফা আৰু এন এছ চি এনৰ দলে অপহৰণ কৰা শিৱসাগৰৰ অভিযন্তা প্রণৱ কুমাৰ গগৈ আৰু বিহাৰৰ ৰাম কুমাৰৰ মুক্তি সন্দর্ভত কৌশিক ফুকনৰ আত্মপ্রকাশে সকলো পক্ষৰ মুখলৈ আশাৰ বতৰা কঢ়িয়াই আনিছে৷

উল্লেখ্য যে আলফাৰ সেনাধ্যক্ষ পৰেশ বৰুৱাৰ সম্পর্কীয় ভাতৃ তথা আলফা আৰু কেন্দ্রীয় চৰকাৰৰ আলোচনাৰ মধ্যস্থতাকাৰী জেৰাই গাঁৱৰ দুবছৰ পূর্বে (বর্তমানেও) নিৰুদ্দিষ্ট হৈ থকা ফুটবলাৰ ৰেৱতী ফুকনৰ ব্যৱসায়ী পুত্র কৌশিক ফুকনে ‘নিয়মীয়া বার্তা’ক ফোনযোগে অৱগত কৰা মতে, বিষয়াদ্বয়ৰ মুক্তিৰ বিষয়টো সঠিক দিশেৰে আগবাঢ়িছে৷ ‘দদাইদেউৰ সৈতে হোৱা আলোচনামর্মে’ অপহূত বিষয়াদ্বয়ৰ শীঘ্রে মুক্তিৰ পথ প্রশস্ত হ’ব বুলি উল্লেখ কৰিছে মধ্যস্থতাকাৰী কৌশিক ফুকনে৷

আলফাৰ সেনাধ্যক্ষক ‘দদাইদেউ’ সম্বোধন কৰা কৌশিক ফুকনে অৰুণাচল চৰকাৰৰ এক কর্তৃত্বশীল পক্ষৰ অনুৰোধমর্মে আলফা আৰু কুইপ’ নামৰ তৈল প্রতিষ্ঠানটোৰ মাজৰ সংঘাত নিৰাময়ৰ বাবে বিগত এমাহে গোপনে মধ্যস্থতা কৰি থকা বুলি প্রকাশ৷ আনহাতে, কুইপ’ কর্তৃপক্ষয়ো আলফাৰ সৈতে হোৱা সংঘাত নিৰাময়ৰ বাবে ইচ্ছা প্রকাশ কৰি তৎপৰ হৈ উঠাৰ পাছতে দুয়োপক্ষৰ মাজত সমস্যাটো মীমাংসাৰ অন্তিম পর্যায়ত উপনীত হৈছেহি বুলি ব্যক্ত কৰি মধ্যস্থতাকাৰী ফুকনে সকলো পক্ষকে সংযমী হ’বলৈও আহ্বান জনায়৷

You might also like