নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

WPLৰ ফাইনেলত আজি দিল্লী কেপিটেলছ-ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰু

নিয়মীয়া বাৰ্তা ডিজিটেল, ১৭ মাৰ্চঃ আজি অনুষ্ঠিত হ’ব মহিলা প্ৰিমিয়াৰ লীগৰ ফাইনেল। এই খিতাপৰ মেচত দিল্লী কেপিটেলছৰ মুখামুখি হ’ব স্মৃতি মান্ধানা নেতৃত্বাধীন ৰয়েল চেলেঞ্জাৰ্ছ বাংগালুৰু। একে সময়তে দিল্লীৰ অৰুণ জেটলি ষ্টেডিয়ামত দুয়োটা দলৰ মুখামুখি হ’ব। ইয়াৰ পূৰ্বে দিল্লী কেপিটেলছ পইণ্ট তালিকাৰ শীৰ্ষত আছে। এইদৰে মেগ লেনিঙৰ দলটোৱে পোনপটীয়াকৈ ফাইনেললৈ যোগ্যতা অৰ্জন কৰে। আনহাতে ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৱে হৰমনপ্ৰীত কৌৰ নেতৃত্বাধীন মুম্বাই ইণ্ডিয়ানছক এলিমিনেটৰত পৰাস্ত কৰে। ভাৰতীয় সময় অনুসৰি সন্ধিয়া ৭.৩০ বজাৰ পৰা আৰম্ভ হ’ব ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰু আৰু দিল্লী কেপিটেলছৰ মাজত চূড়ান্ত খেলখন। ভাৰতীয় অনুৰাগীয়ে জিঅ’ চিনেমাত এই খিতাপৰ খেলখনৰ লাইভ ষ্ট্ৰীমিং চাব পাৰিব। একে সময়তে এই ফাইনেলৰ লাইভ সম্প্ৰচাৰ Sports-18ত হ’ব। হিন্দী আৰু ইংৰাজীৰ বাহিৰেও অনুৰাগীয়ে জিঅ’ চিনেমাত আন বহু ভাষাত ফাইনেল উপভোগ কৰিব পাৰিব।

You might also like