নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

৩১ মে’ৰ পূর্বে সম্পত্তি কৰদাতাক ১০ শতাংশ ৰেহাই জিএমচিৰ

নিয়মীয়া বাৰ্তা ডিজিটেল, ১৭ মাৰ্চঃ গুৱাহাটী মহানগৰীত বসবাস কৰা লোকসকলৰ পৰা সম্পত্তি কৰ সংগ্রহ কৰিবলৈ গুৱাহাটী পৌৰ নিগমে বিভিন্ন পদক্ষেপ গ্রহণ কৰি আহিছে৷ বছৰ বছৰ ধৰি সম্পত্তি কৰ আদায় নিদিয়াত প্রায় ২৫৬ কোটি টকাৰ সম্পত্তি কৰ অনাদায় হৈ আছিল৷ গুৱাহাটী পৌৰ নিগম কর্তৃপক্ষই অনাদায় সম্পত্তি কৰ সংগ্রহ কৰাৰ লক্ষ্যৰে ১০ৰ পৰা ৫০ শতাংশ পর্যন্ত সম্পত্তি কৰ ৰেহাই দিছিল৷ ২০২৪–২৫ বিত্তীয় বর্ষৰ সম্পত্তি কৰ আগতীয়াকৈ সংগ্রহ কৰাৰ লক্ষ্যৰে গুৱাহাটী পৌৰ নিগমে কৰ দাতালৈ পুনৰ বিশেষ ৰেহাইৰ ব্যৱস্থা কৰিছে৷ মেয়ৰ মৃগেন শৰণীয়াই জানিবলৈ দিয়া মতে ২০২৪–২৫ বিত্তীয় বর্ষৰ সম্পূর্ণ পৌৰ সম্পত্তি কৰ চলিত বর্ষৰ ১ এপ্রিলৰ পৰা ৩১ মে’ৰ ভিতৰত আদায় দিলে ১০ শতাংশ ৰেহাইৰ ব্যৱস্থা কৰিছে৷ মেয়ৰ ইন কাউঞ্চিলৰ সিদ্ধান্তমর্মে এই বিশেষ ৰেহাই কৰদাতাসকললৈ আগবঢ়োৱা হৈছে৷ সেয়েহে কৰদাতাসকলক ৩১ মে’ৰ ভিতৰত পৌৰ সম্পত্তি কৰ পৰিশোধ কৰি এই সুবিধা ল’বলৈ মেয়ৰ শৰণীয়াই আহ্বান জনাইছে৷ লক্ষণীয় যে গুৱাহাটী পৌৰ নিগমৰ বিষয়া–কর্মচাৰীৰ দায়িত্বজ্ঞানহীনতাৰ বাবে বছৰৰ পাছত বছৰ ধৰি বহু লোকে সম্পত্তি কৰ আদায় দিয়া নাছিল৷ এই অনাদায় সম্পত্তি কৰৰ পৰিমাণ প্রায় ২৫৬ কোটি টকা হৈছিল৷ ইয়াৰ পাছতে মেয়ৰ মৃগেন শৰণীয়াই মেয়ৰ ইন কাউঞ্চিলৰ সভাত সম্পত্তি কৰ আদায়ৰ বাবে সিদ্ধান্ত গ্রহণ কৰে৷ পৌৰ নিগমে প্রদান কৰা বিশেষ ৰেহাইৰ সুবিধা গ্রহণ কৰি বহু লোকে সম্পত্তি কৰ আদায় দিয়ে৷ ২০২২ বর্ষত প্রায় ১৫৬ কোটি টকা সম্পত্তি কৰ সংগ্রহ কৰিবলৈ সক্ষম হয়৷ ইয়াৰ পাছত পর্যায়ক্রমে বিশেষ ৰেহাইৰ ব্যৱস্থা কৰি গুৱাহাটী পৌৰ নিগমে সম্পত্তি কৰ আদায় কৰি আহিছে৷ ইয়াৰ উপৰি সম্পত্তি কৰ সংগ্রহৰ লক্ষ্যৰে এপিডিচিএলৰ সৈতে চুক্তিত স্বাক্ষৰ কৰি বিদ্যুৎ সংযোগৰ ক্ষেত্রত হোল্ডিং নম্বৰ বাধ্যতামূলক কৰিছিল৷ লক্ষণীয় যে পৌৰ নিগমে সম্পত্তি কৰ আগতীয়াকৈ সংগ্রহৰ বাবে বিশেষ ৰেহাই প্রদান কৰিছে যদিও মহানগৰবাসীয়ে এই সুবিধা গ্রহণ কৰে নে নকৰে সেয়া সময়তহে লক্ষণীয় হ’ব৷

You might also like