নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ক’লা চিয়াঁহীৰ ফুটফুটীয়া দাগ

                                                              (এক)
১২ জুন৷ ২০১৫ চন৷ কোকৰাঝাৰৰ উপায়ুক্তৰ দায়িত্বভাৰ মাধৱ শর্মাক চমজাই দি আহি প্রাথমিক শিক্ষা বিভাগৰ সচিব হিচাবে কামত যোগদান কৰি বিভাগীয় মন্ত্রীক সৌজন্যমূলক সাক্ষাতৰ বাবে তেখেতৰ কোঠাত সোমালোঁ৷ শিক্ষা বিভাগৰ প্রধান সচিব পৱন কুমাৰ বৰঠাকুৰ, সচিব ৰমেশ চান্দ জৈন, আয়ুক্ত সচিব প্রতীম শইকীয়াকে ধৰি জ্যেষ্ঠসকল চকীৰ প্রথম শাৰীত৷ দ্বিতীয় শাৰীত আমি দ্বিতীয় শ্রেণীৰ বিষয়াসকল৷ মাধ্যমিক শিক্ষা সঞ্চালক, মোৰ পুৰণি বন্ধু বাবুলাল শর্মাৰ কাষৰ চকীখনতে বহিলোঁ৷ মন্ত্রী মহোদয় বিভাগীয় কথা–বার্তাত জ্যেষ্ঠ বিষয়াসকলৰ লগত ব্যস্ত৷ আমি শ্রোতা৷ তাতেই মই নতুন৷ আজিও প্রথম দিন৷ একো আও–ভাও বুজি পোৱা নাই৷ শ্রোতা হোৱাৰ গুণ বহুত৷ শুনিলেই বহু কথাই জানিব পাৰি৷ ভাল বত্তৃণতা শুনা মানেই ভাল কিতাপ পঢ়াৰ দৰেই মই শুনিয়েই বিভাগটোৰ আঁতি–গুৰি ল’বলৈ চেষ্টা কৰিছোঁ৷ বাবুলালে লাহেকৈ সুধিলে, ‘ছাৰ, জইন কৰিলে নেকি?’ মই মূৰ দুপিয়াই হয় বুলি ইংগিত দিলোঁ৷ শর্মাইCongratulation বুলি ক’লে৷ লগতে ক’লে, ‘ছাৰ আজি বগা ছার্ট পিন্ধি আহিছে নহয়, যাবৰ দিনা দেখিব বগা চোলাটোত ক’লা চিয়াঁহীৰ ফুটফুটীয়া দাগ৷ কোনে ছটিয়াই দিলে আপুনি গমকেই নাপাব৷’ মই নিজকে চালোঁ৷ হয়, আজি মই ক’লা লংপেণ্ট আৰু বগা ছার্ট পিন্ধি আহিছোঁ৷ মন্ত্রীক দেখা কৰাৰ কথা৷ ব্যক্তি আৰু ঠাই বিশেষে আমাৰ সাজ–পোছাক মার্জিত হোৱাটো বাঞ্ছনীয়৷ কোনোবা এজন জ্যেষ্ঠ বিষয়াই চাকৰিৰ আৰম্ভণিতে শিকাইছিল– হাইক’ট বা অন্য ন্যায়ালয়ত হাজিৰ হ’বলগীয়া হ’লে মার্জিত পোছাকত যাব লাগে৷ হাত দীঘল বগা ছার্ট হ’লে ভাল৷ জীনছৰ পেণ্ট, জীনছৰ ছার্ট, স্প’র্টিং, হাফ ছার্ট আদি পিন্ধি যাব নালাগে৷ ইত্যাদি৷ বাবুলালৰ কথাখিনি ভালকৈ বুজি নাপাই সুধিলোঁ, ‘কি কৈছে শর্মা? বুজা নাই৷’ তেখেতে ‘সময়ত বুজিব ছাৰ’ বুলি এটা অর্থপূর্ণ হাঁহি মাৰিলে৷
ইতিমধ্যে মন্ত্রী মহোদয়ৰ নির্দেশক্রমে চাহ পর্ব আৰম্ভ হৈছিল৷ আমাক আদৰণি জনাই মন্ত্রী মহোদয়ে নিষ্ঠাৰে নিজৰ কর্তব্য কৰি যাবলৈ পৰামর্শ দিলে৷ চাহ খাই মন্ত্রীক নমস্কাৰ জনাই তেখেতৰ কোঠাৰ পৰা ওলাই আহিলোঁ৷
প্রাথমিক শিক্ষা বিভাগৰ সচিব আৰু সর্বশিক্ষাৰ মিছন সঞ্চালক হিচাবে কার্যনির্বাহ কৰি প্রায় ডেৰ বছৰ পিছত শিক্ষা বিভাগৰ পৰা বিদায় ল’লোঁ৷ বৰপেটাৰ উপায়ুক্ত হিচাবে নতুন পদবীত যোগদান কৰিলোঁ৷
ইং ২০১৭ চন৷ ১০ ডিচেম্বৰ৷ দেওবাৰ৷ শ্বহীদ খর্গেশ্বৰ তালুকদাৰৰ জন্মস্থানত শ্বহীদ দিৱসৰ সভা৷ মঞ্চত মাননীয় মুখ্যমন্ত্রী আৰু শিক্ষামন্ত্রী (আগতে উল্লেখ কৰাজন নহয়) মহোদয়৷ তেখেতসকলৰ কাষতে বহাৰ সৌভাগ্য হ’ল৷ আমাৰ দৰে চৰকাৰী বিষয়াৰ বাবে এয়া সৌভাগ্যই শিক্ষামন্ত্রীয়ে মোক অকলে পাই ক’লে, ‘আপোনাৰ চৰকাৰী সেৱা প্রশংসনীয়৷ ওদালগুৰিৰ ৰাইজে আজিও আপোনাক স্মৰণ কৰে৷ আপোনাৰ চাকৰিৰ গ্রেডিং ‘এ প্লাছ’৷ সকলো ঠিকেই আছিল৷মাত্র সর্বশিক্ষাত টেট শিক্ষকসকলৰ বদলিখিনি কৰিব নালাগিছিল৷’ মই ক্ষীণ হাঁহি এটাৰে নীৰৱে কথাখিনি হজম কৰিলোঁ৷ মনলৈ আহিল বাবুলাল শর্মাৰ সেই কথাখিনি, ‘যাবৰ দিনা দেখিব বগা চোলাটোত ক’লা চিয়াঁহীৰ ফুটফুটীয়া দাগ৷ কেনেকৈ পৰিল, কোনে ছটিয়ালে আপুনি গমকেই নাপাব৷’
  (দুই)
শেষ দিন
চাকৰি কৰা মানুহৰ হেনো দুবাৰ জীৱনৰ যৱনিকা পৰে৷ এবাৰ চাকৰিৰ পৰা অৱসৰ লোৱা মুহূর্তত আৰু আনবাৰ সকলোৰে দৰেই শেষ যৱনিকা৷ গীতাত কৈছে, ‘আত্মা অবিনাশী৷ আত্মাই হেনো বস্ত্র সলায়’৷ বুজিবলৈ টান ইমান গভীৰ কথা৷
৩১ জানুৱাৰী, ২০১৯৷ বৃহস্পতিবাৰ৷ ৰাতিপুৱা দিছপুৰ সচিবালয়ত সোমালোঁ অফিচৰ সময় মতেই৷ নগৰ উন্নয়ন বিভাগৰ মই আয়ুক্ত সচিব৷ আজি আবেলি পাঁচ বজালৈ মোৰ এই পৰিচয়৷ তাৰ পিছতেই আহিব এটি নতুন শব্দ, নতুন বিশেষণ, নতুন চিনাকি– ‘প্রাক্তন’৷ বিভাগীয় প্রধান সচিব নীৰাজ বার্মাক দেখা কৰি জনালোঁ যে আজি মোৰ চাকৰি জীৱনৰ শেষ দিন৷ তেখেতে বহিবলৈ দিলে৷ দুই–এষাৰ কথা পাতিলে৷ একাপ চাহ খুৱালে৷ কৰমর্দন কৰি মোক শুভেচ্ছা জ্ঞাপন কৰিলে নতুন জীৱন যাত্রাৰ বাবে৷ কর্মচাৰীসকলৰ কোঠালৈ আহি সকলোকে মাত দিলোঁ, বৰবাবুৰ টেবুলৰ সমুখৰ চকীখনত বহি মোৰ দায়িত্বভাৰ চমজাই দিয়াৰ প্র–পত্রত চহী কৰি তেখেতৰ হাতত জমা দিলোঁ৷ হাতখন কঁপিছিল কিজানি সকলোৰে পৰা বিদায় লৈ দুই–এজন বন্ধুক মাত দিলোঁ৷ মোৰ সহপাঠী, কটন নিউ হোষ্টেলৰ সহ আৱাসী, কর্মচাৰী বিভাগৰ আয়ুক্ত সচিব তপন চন্দ্র শর্মা, গৃহ বিভাগৰ আয়ুক্ত সচিব কনক শর্মাকো লগ ধৰি মাত দিলোঁ৷ আবেলি প্রায় দুঘণ্টা দর্শকৰ কোঠাত বহি বাট চাই ৰ’লো– চৰকাৰৰ প্রতিনিধি অসমৰ মাননীয় বিত্ত, স্বাস্থ্য, শিক্ষামন্ত্রী মহোদয়ক দেখা কৰিবলৈ৷ তেখেত মোৰ বিভাগীয় মন্ত্রীও আছিল– শিক্ষা বিভাগত কাম কৰোতে৷ তেখেত বাজেট সম্পর্কীয় এখন গুৰুত্বপূর্ণ সভাত ব্যস্ত আছিল৷ অতিৰিক্ত মুখ্য সচিব (বিত্ত)ৰ লগতে বিভাগীয় সকলো বিষয়া তাত উপস্থিত আছিল৷ হঠাতে তেখেত এবাৰ বাহিৰলৈ ওলাই আহিল ‘ফ্রেছ’ হ’বলৈ৷ মই সাউতকৈ ওচৰ চাপি ক’লোঁ, ‘ছাৰ, আজি মোৰ চাকৰি জীৱনৰ শেষ দিন৷ আপোনাক মাত লগাবলৈ দুঘণ্টা অপেক্ষা কৰি আছোঁ৷ কিবা ভুল–ভ্রান্তি হৈছিল যদি ক্ষমা কৰিব৷’ কৰমর্দন কৰি তেখেতে ক’লে, ‘নাই নাই৷ আপুনি বহুত দক্ষতাৰে কাম কৰিলে৷ শুভেচ্ছা থাকিল৷ আকৌ লগ পাম৷ আহি থাকিব৷’
তেতিয়া সময় ৫ বাজি গৈছে৷ সচিবালয়ৰ দীঘলীয়া পথছোৱা খোজকাঢ়ি আহি প্রধান ৰাস্তাটোত ভৰি দিলোঁ৷ গেটখন পাৰ হৈ পিছলৈ ঘূৰি চালোঁ৷ ইং ১৯৮৬ চনৰ ১৭ নৱেম্বৰত এ চি এছ বিষয়া হিচাপে চাকৰিত সোমাইছিলোঁ৷ এইখন সচিবালয়েই আমাৰ ভাগ্য নির্ধাৰণ কৰিছিল– নিযুক্তি বদলি, পদোন্নতি সকলো৷ আজি ২০১৯ চনৰ ৩১ জানুৱাৰী৷ এক দীঘলীয়া ইতিহাস, এক দীঘলীয়া পৰিক্রমা৷ এই সময়ছোৱাত কিমান যে বিচিত্র অভিজ্ঞতা হ’ল, বিচিত্র মানুহ দেখিলোঁ, বিচিত্র কাহিনী শুনিলোঁ৷ মানুহৰ সততা, শঠতা, স্বার্থপৰতা দেখিলোঁ, সঁচা মৰম, কৃত্রিম স্নেহ পালোঁ৷ কিমান মানুহৰ হূদয় জুমি চালোঁ, হূদয়ত ঠাই পালোঁ, কিমান দুর্গত মানুহৰ দুখত দুখী হ’লোঁ, সুখত সুখী হ’লোঁ৷ চাকৰিয়েই জীৱনটোক সমৃদ্ধ কৰে ন–ন অভিজ্ঞতাৰে৷ সুখী কৰে আনক কৰা সহায় আৰু উপকাৰৰ বাবে৷ বহুতো আশাভৰা মুখ লৈ থাকে বিষয়া–কর্মচাৰীৰ ইতিবাচক সঁহাৰিৰ বাবে৷ চাকৰি কৰা কালত পাঁচ টকা দৰৰ কলমটোৰে যিটো কাম কৰিব পাৰি, যিটো হুকুম দিব পাৰি, নির্দেশনা জাৰি কৰিব পাৰি– অৱসৰৰ পিছত সোণৰ কলমেৰে লিখিলেও এই নির্দেশনা, এই হুকুম মূল্যহীন পুনৰ সচিবালয়টোলৈ ঘূৰি চালোঁ৷ ভাৰতৰ বহুতো ৰাজ্যৰ সচিবালয় দেখিছোঁ৷ কিন্তু আমাৰ দৰে ধুনীয়া সচিবালয় নাই বুলিয়েই ক’ব পাৰি৷
ব্যস্ততা আৰু মানুহৰ সান্নিধ্যই মোক সদায় আনন্দ আৰু প্রেৰণা দি আহিছে৷ আজিৰ পৰা এই ব্যস্ততা আৰু সান্নিধ্য নাথাকিব৷ ভাবি বেয়া লাগিল৷ চকু দুটা খচ্ খচ্ কৰিছে৷ তাৰ মাজতে আনন্দৰ বিজুলী ৰেখায়ো আমাক চুই গ’ল৷ মই এতিয়া বন্ধনমুক্ত৷ বিছনাত দীঘলকৈ শুই থাকোঁতে ওপৰত যদি এখন খোলা তৰোৱাল থাকে– শুই থকা লোকজনৰ ভালকৈ টোপনি আহিব জানো? নাহিব৷ কেতিয়া তৰোৱালখন খহি পৰি অঘটন ঘটায় তাৰ চিন্তাই মানুহজনক শান্তিত শুব নিদিব৷ মোৰ মূৰৰ ওপৰত থকা তৰোৱালখন আজিৰ পৰা নাই৷ এনে এক মিশ্রিত উপলব্ধিৰে সচিবালয়ৰ পৰা ওলাই আহি ৰৈ থকা গাড়ীখনত উঠিলোঁ৷
এক নতুন যাত্রা এক নতুন অন্বেষণ

ফোন: ৯৪৩৫০–৫৪৩৮৪
লেখকঃ অসম চৰকাৰৰ প্রাক্তন আয়ুক্ত সচিব

You might also like