নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ক্ৰিকেটৰ পৰা অৱসৰ ঘোষণা ধোনিৰ, ৰাইনাও একে পথৰ পথিক

নিয়মীয়া বাৰ্তা, ১৫ আগষ্ট: আজি স্বাধীনতা দিৱসৰ দিনাই আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা অৱসৰ লোৱাৰ কথা ঘোষণা কৰে ভাৰতীয় ক্ৰিকেট জগতৰ মহানায়ক মহেন্দ্ৰ সিং ধোনীয়ে। ধোনীৰ লগতে আন এগৰাকী ক্ৰিকেটাৰ সুৰেশ ৰাইনায়ো ঘোষণা কৰে অৱসৰ লোৱাৰ কথা। এতিয়াৰ পৰা দুয়োগৰাকী ক্ৰিকেটাৰক আৰু দেখা নাযাব ভাৰতীয় ক্ৰিকেট টীমত। তেওঁলোক এতিয়া কেৱল বুৰঞ্জী। কিন্তু আই পি এল বা ক্লাবৰ খেল খেলি যাব তেওঁলোকে।
মাহিয়ে অৱসৰ লোৱাৰ কথা আজি নিশা ৭.২৯ বজাত ইনষ্টাগ্ৰাম পোষ্টযোগে ঘোষণা কৰে। পোষ্টত তেওঁ কয়- আপোনালোক সকলোৰে মৰম আৰু সমৰ্থনৰ বাবে বহু ধন্যবাদ, আজি নিশা ৭.২৯ বজাৰ পিছত মোক অৱসৰপ্ৰাপ্ত বুলি জনা যাব। ৩৯ বছৰীয়া ক্ৰিকেটাৰগৰাকী ইতিমধ্যে টেষ্ট ক্ৰিকেটৰ পৰা অৱসৰ লৈছিল যদিও এদিনীয়া আৰু টি২০ ক্ৰিকেট খেলি আছিল বিগত বিশ্বকাপৰ ছেমিফাইনেললৈকে।
উক্ত বিশ্বকাপত নিউজিলেণ্ডৰ হাতত ভাৰত পৰাস্ত হোৱাৰ পিছৰ পৰাই ধোনি আঁতৰি আছিল ক্ৰিকেটৰ জগতৰ পৰা। উল্লেখ্য ধোনিৰ অৱসৰক লৈ বিভিন্ন প্ৰশ্নৰ অৱতাৰণা হৈছিল আৰু আজি তেওঁ অৱসৰ ঘোষণাৰ জৰিয়তে সকলো প্ৰশ্নৰ সমাপ্তি ঘটায়। আনহাতে সুৰেশ ৰাইনায়ো ধোনিৰ ঘোষণাৰ প্ৰসংগ টানি ছ’চিয়েল মিডিয়াযোগে কয় যে তেৱোঁ অৱসৰৰ পথৰ অংশীদাৰ হৈ আছে।

You might also like