নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ধোনীৰ নাম ব্যৱহাৰ কৰি ক্রিকেট একাডেমী চলোৱা দিবাকৰক গ্ৰেপ্তাৰ

নিয়মীয়া বাৰ্তা ডিজিটেল, ১২ মাৰ্চঃ গ্রেপ্তাৰ হৈছে মহেন্দ্র সিং ধোনীৰ প্রাক্তন ব্যৱসায়িক সহযোগী৷ তেওঁৰ বিৰুদ্ধে অভিযোগ দাখিল কৰিছে স্বয়ং ধোনীয়ে৷ প্রাক্তন ভাৰতীয় অধিনায়কগৰাকীৰ নাম ব্যৱহাৰ কৰি ক্রিকেট একাডেমী খোলাৰ অভিযোগ উঠিছিল তেওঁৰ বিৰুদ্ধে৷ জানিব পৰা মতে, গ্রেপ্তাৰ হোৱা ব্যক্তিজনৰ নাম মিহিৰ দিবাকৰ৷ আর্কা স্প’ৰ্টছ মেনেজমেণ্ট নামৰ এটি সংস্থাৰ কর্মকর্তা তেওঁ৷ কেইবছৰমান পূর্বে ধোনীৰ সৈতে তেওঁৰ সংস্থাই চুক্তি স্বাক্ষৰ কৰিছিল৷ সেই চুক্তি অনুসৰি দেশ–বিদেশত ধোনীৰ নামত ক্রিকেট একাডেমী স্থাপন কৰিব আর্কা স্প’ৰ্টছে৷ এই একাডেমীৰ লাভাংশ আৰু ফ্রেনচাইজী মাচুল দিব লাগিব চুক্তি অনুসৰি৷ কিন্তু সেই চুক্তিৰ চর্ত কোনোটোৱে মনা হোৱা নাই বুলি অভিযোগ দাখিল কৰিছে ধোনীয়ে৷ মিহিৰৰ লগতে সৌম দাস নামৰ আৰু এজন ব্যক্তিৰ বিৰুদ্ধে অভিযোগ দাখিল কৰা হৈছে৷ তাৰকা ক্রিকেটাৰগৰাকীৰ অভিযোগ অনুসৰি আর্কা স্প’ৰ্টছৰ সৈতে যাৱতীয় চুক্তি ২০২১ চনৰ ১৫ আগষ্টতে বাতিল কৰা হৈছে৷ কিন্তু তাৰ পিছতো ধোনীৰ নামত ইখনৰ পিছত সিখন ক্রিকেট একাডেমী স্থাপন কৰিছে সংস্থাটোৱে৷ ভাৰত আৰু বিদেশত ধোনীৰ নামাংকিত ক্রীড়া প্রকল্প নির্মাণ কৰা হৈছে যদিও সেই বিষয়ে কোনো কথাই জনোৱা নাই তাৰকা ক্রিকেটাৰগৰাকীক৷ আনকি চুক্তিত উল্লিখিত ধনো ধোনীক দিয়া হোৱা নাই৷ কমেও ১৫ কোটি টকাৰ প্রতাৰণাৰ চিকাৰ হৈছে ধোনী৷ এই অভিযোগৰ পিছতে কালি জয়পুৰত আৰক্ষীৰ হাতত ধৰা পৰিছে দিবাকৰ৷ সম্প্রতি জয়পুৰত আৰক্ষীৰ জিম্মাত আছে দিবাকৰ৷ অৱশ্যে সৌমৰ বিৰুদ্ধে এতিয়াও কোনো পদক্ষেপ গ্রহণ কৰা নাই৷

You might also like