নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰিয়ানৰ প্রদর্শনত মুগ্ধ প্রাক্তন ক্রিকেটাৰ গাভাস্কাৰ-ছাংগাকাৰা

নিয়মীয়া বাৰ্তা ডিজিটেল, ১২ মাৰ্চঃ অসমৰ ক্রিকেটাৰৰ ভাৰতীয় দলত স্থান লাভৰ দীর্ঘদিনীয়া সপোন বাস্তৱায়িত কৰাৰ আশা সজীৱ কৰি তুলিছে সুদক্ষ অলৰাউণ্ডাৰ ৰিয়ান পৰাগে৷ চলিত আইপিএলত অসম সন্তানগৰাকীৰ ধাৰাবাহিক প্রদর্শনে এই আশা অধিক উজ্জীৱিত কৰিছে৷ কেৱল অসমৰ ক্রিকেট অনুৰাগীয়েই নহয় সুনীল গাভাস্কাৰ, কুমাৰ ছাংগাকাৰাৰ দৰে প্রাক্তন তাৰকা ক্রিকেটাৰেও ৰিয়ানক ভাৰতীয় জার্ছীত দেখাৰ বাবে উদগ্রীৱ হৈ পৰিছে৷ ৰাজস্থান ৰয়েলছৰ ক্রিকেট সঞ্চালক কুমাৰ ছাংগাকাৰাই ৰিয়ানৰ প্রদর্শনক প্রশংসা কৰাৰ লগতে ভাৰতৰ টি–২০ বিশ্বকাপ দলত স্থান দিয়াৰো পোষকতা কৰিছে৷ ৰিয়ানৰ দুর্দান্ত বেটিং সম্পর্কত ছাংগাকাৰাই কয়– মই ভাবোঁ, ৰিয়ানৰ দক্ষতা সকলোৱে প্রত্যক্ষ কৰা উচিত৷ উল্লেখ্য যে চলিত ছিজনত ৰাজস্থান ৰয়েলছৰ বিজয়ত অন্যতম ভূমিকা গ্রহণ কৰা অসমৰ তাৰকাগৰাকীয়ে মাত্র ৫খন মেচত ২৬১ ৰান কৰি বিশেষজ্ঞসকলৰ দৃষ্টি আকর্ষণ কৰিছে৷ ছাংগাকাৰাই কয় যে পৰাগৰ এই প্রদর্শনৰ পিছত তেওঁক অনুৰাগীসকলে ভাৰতৰ টি–২০ বিশ্বকাপ দলত অন্তর্ভুক্ত কৰাটো বিচাৰিছে৷ ৰিয়ানৰ দক্ষতাক লৈ নিজৰ আত্মবিশ্বাস ব্যক্ত কৰি ছাংগাকাৰাই তেওঁৰ কঠিন পৰিশ্রম আৰু উৎসর্গীকৃত মনোভাব সম্পর্কত কয়– তেওঁ অফ ছিজনত কঠোৰ পৰিশ্রম কৰিছে৷ যাৰ বাবে তেওঁ সুন্দৰ বেটিং কৰিবলৈ সক্ষম হৈছে৷ ইপিনে ভাৰতীয় দলৰ প্রাক্তন অধিনায়ক সুনীল গাভাস্কাৰেও ৰিয়ানে ভাৰতীয় দললৈ আমন্ত্রণ লাভ কৰাৰ সময় আহিছে বুলি ইংগিত দিছে৷ ২২ বছৰীয়া ৰিয়ানে চলিত আইপিএলত দাঙি ধৰা প্রদর্শনৰ বাবে তেওঁ ভূয়সী প্রশংসা কৰে৷ জয়পুৰত অনুষ্ঠিত মেচখনত কালি গুজৰাট টাইটানছৰ বিৰুদ্ধে মাত্র ৪৮টা বলত ৰিয়ানে ৭৬ ৰানৰ এটি দৃষ্টিনন্দন ইনিংছ খেলিছে৷ চলিত আইপিএলত ৰিয়ানে ৫খন মেচ খেলি তিনিটা অর্ধশতৰান অর্জন কৰিছে৷ কিংবদন্তি ক্রিকেটাৰ গাভাস্কাৰে কয় যে ৰাজস্থানৰ হৈ চলিত ছিজনত ৰিয়ানে ধাৰাবাহিকভাৱে সুন্দৰ বেটিং প্রদর্শন কৰিছে৷ অসমৰ যুৱ বেটাৰগৰাকীৰ বাবে ভাৰতীয় দলত স্থান লাভ কেৱল সময়ৰ অপেক্ষা বুলি তেওঁ কয়৷ উল্লেখ্য যে কালি মেচখনৰ পিছতে অৰেঞ্জ কেপৰ দৌৰত কোহলিৰ পিছতে দ্বিতীয় স্থানলৈ অহাৰ লগে লগে গাভাস্কাৰে ৰিয়ানৰ উচ্চ প্রশংসা কৰে৷ ২০১৯ চনত আইপিএলত অভিষেক ঘটোৱাৰ পিছত মাথোঁ দুটা অর্ধশতৰান কৰা ৰিয়ানে এইবাৰ মাত্র ৫খন মেচ খেলি তিনিটা অর্ধশতৰান কৰাৰ লগতে দলৰ বিজয়ত বিশেষ ভূমিকা গ্রহণ কৰিছে৷

You might also like