নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নিলাম হ’ব ডিয়েগ’ মাৰাডোনাই বিশ্বকাপত পৰিধান কৰা জার্ছী

নিয়মীয়া বাৰ্তা, ২৯ নৱেম্বৰঃ ফুটবলক সৌন্দর্যলৈ ৰূপান্তৰিত কৰা কিংবদন্তি মাৰাডোনাই ১৯৮৬ৰ বিশ্বকাপৰ সময়ত পৰিধান কৰা জার্ছী নিলামৰ বাবে মুকলি কৰা হ’ব৷ সম্প্রতি ইংলেণ্ডৰ মানচেষ্টাৰস্থিত ৰাষ্ট্রীয় ফুটবল মিউজিয়ামত সংৰক্ষিত হৈ থকা বহু স্মৃতিজড়িত জার্ছীটো শীঘ্রে নিলামৰ বাবে মুকলি কৰি দিয়া হ’ব বুলি আমেৰিকাৰ এটা ক্রীড়া সংগঠনে প্রকাশ কৰিছে৷

উল্লেখ্য যে ১৯৮৬ৰ বিশ্বকাপৰ কোৱার্টাৰ ফাইনেলত ইংলেণ্ডৰ বিৰুদ্ধে বহুচর্চিত ‘হেণ্ড অফ গড’ গ’ল আৰু শতিকাৰ শ্রেষ্ঠ গ’ল কৰাৰ সময়ত আর্জেণ্টিনাৰ কিংবদন্তি মাৰাডোনাই এই জার্ছীটো পৰিধান কৰি আছিল৷ কিন্তু মেচৰ শেষত ফুটবলৰ ৰাজপুত্রই প্রতিপক্ষৰ খেলুৱৈ ষ্টিভ হ’জৰ সৈতে নিজৰ জার্ছীটো সালসলনি কৰিছিল৷ সেইসূত্রে মাৰাডোনাৰ বিখ্যাত জার্ছীটো এতিয়া মানচেষ্টাৰৰ ৰাষ্ট্রীয় ফুটবল মিউজিয়ামত সংৰক্ষিত হৈ আছে৷

আমেৰিকাৰ প্রতিষ্ঠানটোৱে আশা কৰা অনুসৰি ফুটবলৰ ৰাজপুত্রৰ বিশ্বকাপৰ জার্ছীটোৰ মূল্য নিলামত ২ মিলিয়ন ডলাৰলৈ বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে৷ মন কৰিবলগীয়া যে ফুটবলৰ ঈশ্বৰ হিচাপে পৰিচিত মাৰাডোনাই যোৱা বুধবাৰে নিশা হূদৰোগত আক্রান্ত হৈ আকস্মিকভাৱে মৃত্যুক আঁকোৱালি লয়৷

You might also like