নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মানচেষ্টাৰ টেষ্ট-ত ইংলেণ্ডৰ আধিপত্য, বিপৰ্যস্ত ভাৰতীয় বলাৰ

হেৰী ব্রুকে বিশেষ উন্নত প্রদর্শন দাঙি ধৰাত ব্যর্থ হয়৷ মাত্র তিনি ৰান কৰি বিদায় লয় ব্রুকে৷ ভাৰতীয় দলটোৰ হৈ ৰবীন্দ্র জাদেজা আৰু ৱাশ্বিংটন সুন্দৰ উভয়ে দুটাকৈ উইকেট লাভ কৰাৰ লগতে অংশুল কম্বোজে এটা উইকেট লাভ কৰে।

টীম ইণ্ডিয়াৰ বিপক্ষে খেলি থকা মানচেষ্টাৰ টেষ্ট-ত শক্তিশালী স্থিতিত উপনীত হৈছে ঘৰুৱা দল ইংলেণ্ড৷ টীম ইণ্ডিয়াৰ প্রথম ইনিংছৰ ৩৫৮ ৰানৰ প্রত্যুত্তৰত তাৰকা বেটাৰ জ’ ৰুটৰ দর্শনীয় শতকৰ সহায়ত বৃহৎ অগ্রগতিৰ দিশে আগবাঢ়িছে ইংৰাজবাহিনী৷

তৃতীয় দিনৰ অন্তলৈ দলটোৱে ৭টা উইকেট হেৰুৱাই ৫৪৪ ৰান সংগ্রহ কৰিছে৷ দিনটোৰ শেষলৈ অধিনায়ক ষ্টোকছে ৭৭ আৰু লিয়াম ডছনে ২১ ৰান কৰি ক্রিজত আছে৷ ইংলেণ্ডে ৩টা উইকেট বাকী থকা অৱস্থাত ১৮৬ ৰানৰ অগ্রগতি লাভ কৰিছে৷ প্রথমদিনা দুই উইকেটত কৰা ২২৫ ৰানৰ পৰা ইনিংছ মুকলি কৰিবলৈ আহি আগদিনাৰ অপৰাজিত বেটাৰদ্বয় অ’লি প’প আৰু জ’ ৰুটে দর্শনীয় বেটিং দাঙি ধৰি ইংৰাজবাহিনীক সবল স্থিতিত উপনীত কৰায়৷ আগদিনা ২০ ৰানত বেটিং কৰি থকা প’পে ৭১ ৰান কৰি বিদায় লয়৷

আউট হোৱাৰ পূর্বে প’পে জ’ ৰুটৰ সৈতে তৃতীয় উইকেটত ১৪৪ ৰান সংগ্রহ কৰে৷ ইফালে, ৰুটে টেষ্ট কেৰিয়াৰত ৩৮সংখ্যক শতকটো অর্জন কৰে৷ তাৰকা বেটাৰগৰাকীয়ে ১৭৯টা বলত শতক অর্জন কৰায়েই নহয়, টেষ্ট ক্রিকেটৰ ইতিহাসত সর্বাধিক ৰান কৰা দ্বিতীয়গৰাকী বেটাৰ ৰূপেও নজিৰ গঢ়ে৷ ১৫০ ৰানত পেভিলিয়নমুখী হয় ৰুট৷ ইপিনে, হেৰী ব্রুকে বিশেষ উন্নত প্রদর্শন দাঙি ধৰাত ব্যর্থ হয়৷ মাত্র তিনি ৰান কৰি বিদায় লয় ব্রুকে৷ ভাৰতীয় দলটোৰ হৈ ৰবীন্দ্র জাদেজা আৰু ৱাশ্বিংটন সুন্দৰ উভয়ে দুটাকৈ উইকেট লাভ কৰাৰ লগতে অংশুল কম্বোজে এটা উইকেট লাভ কৰে।

Niyomiya Barta Desk, 26 July, 2025

You might also like