মহিলা ইউৰো কাপ-ৰ চেম্পিয়ন ইংলেণ্ড, পেনাল্টি শ্বুটআউটত পৰাস্ত স্পেইন
অতিৰিক্ত সময়তো দুয়োটা দলে গ’ল স্ক’ৰ কৰিবলৈ সক্ষম নহ’ল৷ ফলত পেনাল্টি শ্বুটআউটত ইংলেণ্ডে স্পেইনক ৩–১ গ’লত পৰাস্ত কৰি চেম্পিয়নৰ সন্মান অর্জন কৰে৷
ইংলেণ্ডে মহিলা ইউৰো কাপ ৰ খিতাপ অক্ষুণ্ণ ৰাখিছে৷ বাছেলত অনুষ্ঠিত তীব্র উত্তেজনাপূর্ণ ফাইনেল মেচখনত ইংলেণ্ডে পেনাল্টি শ্বুটআউটত স্পেইনক ৩–১ গ’লত পৰাস্ত কৰি চেম্পিয়নৰ সন্মান অর্জন কৰে৷
উল্লেখ্য যে ২০২২ চনত অনুষ্ঠিত প্রতিযোগিতাখনৰ ফাইনেলত জার্মানীক পৰাস্ত কৰি খিতাপ জয় কৰিছিল ইংলেণ্ডে৷ তীব্র উত্তেজনাপূর্ণ ফাইনেল মেচখন নির্ধাৰিত সময়ত ১–১ গ’লত অমীমাংসিত হয়৷ ২৫ মিনিটত মেৰি’না কালডেনটেই গ’ল স্ক’ৰ কৰি বিশ্ব তথা নেচনছ লীগৰ চেম্পিয়ন স্পেইনক গুৰুত্বপূর্ণ অগ্রগতি প্রদান কৰে৷
অৱশ্যে ইংলেণ্ডে ৫৭ মিনিটত গ’লটো পৰিশোধ কৰি সমতা স্থাপন কৰে৷ ইংৰাজ বাহিনীৰ হৈ গ’লটো স্ক’ৰ কৰে আলেছিয়া ৰুছোই৷ পৰৱর্তী সময়ত দুয়োটা দলে গ’ল স্ক’ৰ কৰাৰ বাবে আপ্রাণ চেষ্টা চলায় যদিও সফলতাৰ মুখ নেদেখিলে আৰু নির্ধাৰিত সময়ত খেলখন ১–১ গ’লত অমীমাংসিত হোৱাত অতিৰিক্ত সময় খেলোৱা হয়৷
অতিৰিক্ত সময়তো দুয়োটা দলে গ’ল স্ক’ৰ কৰিবলৈ সক্ষম নহ’ল৷ ফলত পেনাল্টি শ্বুটআউটত ইংলেণ্ডে স্পেইনক ৩–১ গ’লত পৰাস্ত কৰি চেম্পিয়নৰ সন্মান অর্জন কৰে৷
Niyomiya Barta desk, 29 july, 2025