নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মিঞামুক্ত উৰিয়ামঘাট ! বেদখলকাৰীৰ ঘৰত ১৫০ বুলড’জাৰৰ ধ্বংসলীলা

বেদখলকাৰীৰ ঘৰত ১৫০ খন বুলড’জাৰৰ তাণ্ডৱ, উৰিয়ামঘাটত চলিল বৃহৎ উচ্ছেদ অভিযান

উৰিয়ামঘাট ত আজি পুৱাৰ পৰা আৰম্ভ হ’ল এখন বৃহৎ উচ্ছেদ অভিযান। স্থানীয় আৰক্ষী, জিলা প্ৰশাসন আৰু আৰক্ষী বাহিনীৰ সৈতে একেলগে ১৫০খন বুলড’জাৰে ধ্বংস কৰে বহু বছৰ ধৰি চৰকাৰী ভূমি বেদখল কৰি থকা মিঞা বসতিৰ ঘৰুৱা নিৰ্মাণ আৰু অবৈধ স্থাপনাসমূহ।

স্থানীয় ৰাইজে বহুদিন ধৰি অভিযোগ কৰি আহিছিল যে উৰিয়ামঘাটত মিঞা অধ্যুষিত একাংশই জংঘল আৰু চৰকাৰী ভূমি বেদখল কৰি গঢ়ি তোলে এক বৃহৎ অবৈধ বসতি। স্থানীয় জনজাতি গোট, বিশেষকৈ “বীৰ লাচিত সেনা” আদিয়ে এই বেদখলকাৰীসকলৰ উচ্ছেদৰ দাবীত প্ৰচণ্ড আন্দোলন চলাই আহিছিল।

অভিযানৰ সময়ত কোনো অপ্রীতিকৰ ঘটনা সংঘটিত নহ’বলৈ জোৰদাৰ নিৰাপত্তা ব্যৱস্থা গ্ৰহণ কৰা হৈছে। উল্লেখযোগ্য যে অঞ্চলটোৰ একাংশ লোকে অভিযানক সমৰ্থন জনাই উল্লাস প্ৰকাশ কৰে। বহুকেইজনৰমতে, “এই অভিযানৰ পিছতেই উৰিয়ামঘাটত শান্তি আৰু স্থিতি ঘূৰাই আনি ৰখা সম্ভৱ হ’ব।”

প্ৰশাসনে কয়, “এই ভূমিসমূহ চৰকাৰী, আৰু যিবোৰ লোক বহু বছৰ ধৰি বিনাঅনুমতিত এই ঠাইত বাস কৰি আছিল, তেওঁলোকক পূৰ্বেই উচ্চেদৰ জাননী দিয়া হৈছিল।”

এই উচ্ছেদ অভিযানৰ পাছত প্ৰশাসনে অঞ্চলটোত উন্নয়নমূলক কাম আৰম্ভ কৰাৰ কথাও কয়।

You might also like