নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

১৬ বছৰৰ মূৰত পাকিস্তানলৈ ইংলেণ্ড

২০২১ৰ অক্টোবৰত কৰাচীত খেলিব দুখন টি–২০

নিয়মীয়া বাৰ্তা, ১৯ নৱেম্বৰঃ সুদীর্ঘ ১৬ বছৰৰ মূৰত পাকিস্তান ভ্রমণ কৰিবলৈ সন্মতি প্রকাশ কৰিছে ইংলেণ্ড ক্রিকেট দলে৷ ইংলেণ্ড এণ্ড ৱেলছ ক্রিকেট ব’র্ডে  প্রকাশ কৰা অনুসৰি ভাৰতত ২০২১ৰ অক্টোবৰত অনুষ্ঠিত হ’বলগীয়া আই চি চি টি–২০ বিশ্বকাপৰ পূর্বে ইংলেণ্ডে পাকিস্তানত দুখন টি–২০ খেলিব৷

বিশ্বকাপৰ প্রতি লক্ষ্য ৰাখি ইংলেণ্ড দলটোৱে পাকিস্তানৰ বিৰুদ্ধে টি–২০ মেচ দুখন খেলাৰ পৰিকল্পনা গ্রহণ কৰা বুলি ব’র্ডে জানিবলৈ দিছে৷ কৰাচীত অনুষ্ঠিত হ’বলগীয়া মেচ দুখনত দিন ধার্য কৰা হৈছে ১৪ অক্টোবৰ আৰু ১৫ অক্টোবৰ৷ ‘২০০৫ চনৰ পিছত ইংলেণ্ড ক্রিকেট দলে প্রথমবাৰৰ বাবে পাকিস্তান ভ্রমণ কৰিব৷ উভয় দেশৰ বাবে এয়া এক ঐতিহাসিক মুহূর্ত হ’ব৷

ইংলেণ্ডৰ খেলুৱৈসকলৰ সুৰক্ষা নিশ্চিত কৰিবলৈ পাকিস্তান ক্রিকেট ব’র্ডে আমাক প্রতিশ্রুতি দিছে৷ এই সন্দর্ভত আমি ই চি বিৰ সৈতে পৰিস্থিতি সূক্ষ্মভাৱে পর্যবেক্ষণ কৰি আছোঁ৷’ ইংলেণ্ড এণ্ড ৱেলছ ক্রিকেট ব’ডৰ মুৰব্বী টম হেৰিছনে এইদৰে কয়৷

মন কৰিবলগীয়া যে ২০০৯ত শ্রীলংকা ক্রিকেট দলৰ ওপৰত হোৱা ভয়ংকৰ সন্ত্রাসবাদী আক্রমণৰ পিছৰে পৰা পাকিস্তানত আন্তঃৰাষ্ট্রীয় ক্রিকেট মেচ বন্ধ হৈ আছিল৷ অৱশ্যে শেহতীয়াকৈ শ্রীলংকা, বাংলাদেশ আৰু জিম্বাব’ৱেই সন্ত্রাসজর্জৰ দেশখন ভ্রমণ কৰিছে৷

You might also like