নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কোপা আমেৰিকা ফুটবলৰ খিতাপ জয় কৰি খেলপথাৰৰ পৰা পত্নীলৈ ভিডিঅ’ কল মেছিৰ

নিয়মীয়া বাৰ্তা, ১২ জুলাই:  সুদীর্ঘ ২৮ বছৰৰ পিছত কোপা আমেৰিকা ফুটবলৰ খিতাপ জয় কৰিলে আর্জেণ্টিনাই৷ দেওবাৰে পুৱা অনুষ্ঠিত ফাইনেল মেচখনত ব্রাজিলক পৰাস্ত কৰি খিতাপ হস্তগত কৰাৰ পিছতেই আর্জেণ্টিনা দলটোৰ অধিনায়ক লি’নেল মেছি আনন্দত আত্মহাৰা হৈ পৰে৷ সতীর্থসকলৰ সৈতে বিজয় উৎসৱ পালন কৰাৰ পিছত মেছিয়ে খেলপথাৰৰ পৰাই পত্নী এণ্ট’নেলা ৰকুজ আৰু তিনি সন্তানলৈ ভিডিঅ’ কল কৰি আনন্দৰ মুহূর্তবোৰ শ্বেয়াৰ কৰাৰ লগতে প্রতিযোগিতাখনত লাভ কৰা পদকটোও ভিডিঅ’যোগে দেখুৱায়৷

ইফালে, প্রতিযোগিতাখনৰ খিতাপ জয় কৰি ১৬ বছৰীয়া ব্যর্থতাৰ অন্ত পেলালে লি’নেল মেছিয়ে৷ ২০১৪ৰ পৰা ২০১৬ চনৰ ভিতৰত আর্জেণ্টিনা দলটোৱে তিনিখনকৈ বৃহৎ প্রতিযোগিতাৰ ফাইনেলত পৰাস্ত হোৱাত হতাশ হৈ পৰিছিল দলটোৰ তাৰকা খেলুৱৈ লি’নেল মেছি৷

২০১৪ চনৰ বিশ্বকাপত জার্মানী, ২০১৫ আৰু ২০১৬ চনৰ কোপা আমেৰিকাৰ ফাইনেলত চিলিৰ হাতত পৰাস্ত হৈছিল আর্জেণ্টিনা৷ ইপিনে, ২০০৭ চনৰ কোপা আমেৰিকা কাপৰ ফাইনেলত ব্রাজিলৰ হাতত পৰাস্ত হোৱা আর্জেণ্টিনাক ২০১৮ চনৰ বিশ্বকাপ আৰু ২০১৯ চনৰ কোপা আমেৰিকা কাপৰ খিতাপ জয়ৰ সোৱাদ দিয়াত ব্যর্থ হৈছিল মেছি৷

অৱশেষত সুদীর্ঘ ১৬ বছৰীয়া ব্যর্থতাৰ অৱসান ঘটাবলৈ সক্ষম হয় মেছি৷ আজি সামৰণি পৰা কোপা আমেৰিকা কাপৰ ফাইনেলত ব্রাজিলক পৰাস্ত কৰি প্রথমবাৰৰ বাবে বৃহৎ প্রতিযোগিতাৰ খিতাপ দখলৰ সোৱাদ লাভ কৰিলে ছুপাৰষ্টাৰ মেছিয়ে৷

You might also like