বিশ্বকাপৰ টিকটৰ মূল্য বৃদ্ধিক আওকাণ ফিফাৰ সভাপতিৰ
অহা বর্ষত হ’বলগীয়া ফিফা বিশ্বকাপ ফুটবলৰ টিকটৰ মূল্য বৃদ্ধিক লৈ ইতিমধ্যে বিশ্বজুৰি ক্ষোভৰ সৃষ্টি হৈছে৷ অনুৰাগীয়ে ইচ্ছা কৰিলেও নিজৰ প্রিয় দলৰ মেচ চাবলৈ আমেৰিকা, মেক্সিকো বা কানাডালৈ যাব নোৱাৰে৷
অৱশ্যে ফিফাৰ সভাপতি জিয়ানি ইনফাণ্টিনো এই বিষয়টোক লৈ একেবাৰেই চিন্তিত নহয়৷ টিকটৰ উচ্চ মূল্যৰ বিষয়টোক আওকাণ কৰি ইনফাণ্টিনোৱে যুক্তি দিলে যে খেলখন অধিক জনপ্রিয় হৈ পৰাৰ বাবেই টিকটৰ দাম বৃদ্ধি পাইছে৷
ডুবাইত অনুষ্ঠিত এক অনুষ্ঠানত ভাগ লৈ ইনফাণ্টিনোৱে কয় যে ফুটবলৰ জনপ্রিয়তা বৃদ্ধি পাইছে৷ সেইবাবেই টিকটৰ দামো বৃদ্ধি পাইছে৷ ফিফাই বজাৰত ৬০–৭০ লাখ টিকট মুকলি কৰিলে৷ ১৫ দিনত টিকটৰ বাবে ১৫ কোটি আবেদন লাভ কৰিছে৷ প্রতিদিনে প্রায় ১ কোটি আবেদন দাখিল কৰা হ’ল৷
এই চাহিদাই দেখুৱাইছে যে সমগ্র বিশ্বতে ফুটবল কিমান জনপ্রিয়৷ সর্বাধিক টিকটৰ আবেদন আমেৰিকাৰ পৰা অহা বুলি উল্লেখ কৰি ফিফাৰ সভাপতিগৰাকীয়ে লগতে কয় যে জার্মানী আৰু ইংলেণ্ডৰ পৰাও সৰহসংখ্যক টিকটৰ আবেদন আহিছে৷
ইনফাণ্টিনোৰ মতে ফিফাই যি লাভ কৰিব তাৰ পৰা বাকী দেশসমূহে লাভৱান হ’ব৷ সেইবাবেই তেওঁ অধিক দামত টিকট ক্রয় কৰাত কোনো আপত্তি দেখা নাই৷ টিকট বিক্রীৰ পৰা পোৱা লাভ সমগ্র বিশ্বৰ মাজত ভাগ কৰা হয়৷ ফিফা অবিহনে বিশ্বৰ ১৫০খন দেশত ফুটবল বন্ধ হৈ গ’লহেঁতেন৷ এই লভ্যাংশৰ কৃতিত্ব এইটোৱেই হ’ব লাগে যে ফুটবল আছে৷
অৱশ্যে কিছু বিশেষ টিকটৰ দাম কম ৰখা হৈছে৷ যিটো সকলোৱে নাপাব৷ নির্দিষ্টসংখ্যক দর্শকৰ বাবে ৰখা হৈছে কম মূল্যৰ টিকট৷ ইনফাণ্টিনোৱে কয় যে আমেৰিকাত অনুষ্ঠিত হ’বলগীয়া সকলো মেচ ভাৰতীয় মূদ্রাত ৫ হাজাৰ টকালৈ হ্রাস কৰা হৈছে৷ কিন্তু সকলোৰ বাবে নহয়, এইবোৰ ৰখা হৈছে নিষ্ঠাৱান দর্শকৰ বাবে৷
ডিজিটেল ডেস্ক, ৩১ ডিচেম্বৰ