নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

প্ৰচণ্ড শীতত কঁপি উঠিছে অসম, বিদ্যালয় বন্ধৰ সিদ্ধান্ত

ৰাজ্যজুৰি অব্যাহত আছে প্ৰচণ্ড শীতৰ প্ৰকোপ। ঠেঁটুৱৈ ধৰা জাৰত কঁপি উঠিছে ৰাজ্যবাসী। গুৱাহাটী মহানগৰীত আজিও ঘন কুঁৱলীৰ আচ্ছাদনে দৈনন্দিন জীৱন ব্যাহত কৰিছে। শীতৰ তীব্ৰতাৰ বাবে বিশেষকৈ পুৱা সময়ত সমস্যাৰ সৃষ্টি হৈছে।

প্ৰচণ্ড শীতৰ প্ৰভাৱত কামৰূপ মহানগৰ জিলাত ইতিমধ্যে চৰকাৰী বিদ্যালয় বন্ধ ঘোষণা কৰা হৈছে। আজিৰে পৰা ৬ জানুৱাৰী (মঙলবাৰ)লৈ জিলাখনৰ সকলো চৰকাৰী বিদ্যালয় বন্ধ থাকিব বুলি জিলা প্ৰশাসনে জানিবলৈ দিছে। শীতজনিত পৰিস্থিতিত ছাত্ৰ-ছাত্ৰীসকলৰ স্বাস্থ্য সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে।

ইফালে, মঙলবাৰে শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে ৰাজ্যৰ প্ৰতিগৰাকী জিলা আয়ুক্তলৈ বিশেষ নিৰ্দেশনা জাৰি কৰিছে। শীতজনিত পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি নিজ নিজ জিলাৰ পৰিস্থিতি মূল্যায়ন কৰি প্ৰয়োজন অনুসৰি বিদ্যালয়সমূহৰ পাঠদানৰ সময় পুনৰ্নিৰ্ধাৰণ অথবা সাময়িকভাৱে বিদ্যালয় বন্ধ কৰাৰ ক্ষেত্ৰত উপযুক্ত সিদ্ধান্ত ল’বলৈ তেওঁ নিৰ্দেশ দিছে।

শিক্ষামন্ত্ৰীয়ে লগতে উল্লেখ কৰে যে, পূৰ্বে গ্ৰীষ্মপ্ৰবাহৰ সময়ত জাৰি কৰা নিৰ্দেশনাসমূহ অনুসৰণ কৰি শীতৰ ক্ষেত্ৰতো ছাত্ৰ-ছাত্ৰীসকলৰ সুৰক্ষা অগ্ৰাধিকাৰ দিব লাগিব।

শিক্ষামন্ত্ৰীৰ এই নিৰ্দেশনাৰ পাছতেই শ্ৰীভূমি জিলাতো ব্যৱস্থা গ্ৰহণ কৰা হৈছে। জিলাখনৰ বিদ্যালয়সমূহৰ পৰিদৰ্শক নীলমজ্যোতি দাসে জাৰি কৰা জাননীৰ মতে, ৩১ ডিচেম্বৰ আৰু ১ জানুৱাৰীত শ্ৰীভূমি জিলাত অষ্টম শ্ৰেণীলৈ বিদ্যালয়সমূহ বন্ধ থাকিব। আনহাতে, নৱম শ্ৰেণীৰ পৰা উচ্চতৰ মাধ্যমিক দ্বিতীয় বৰ্ষলৈ পুৱা ১০ বজাৰ পৰা দুপৰীয়া ২.৩০ বজালৈ পাঠদান চলিব।

ৰাজ্যজুৰি শীতৰ তীব্ৰতা অব্যাহত থাকিব বুলি বতৰ বিজ্ঞান বিভাগে ইংগিত দিয়াৰ লগতে প্ৰশাসনে সকলোকে সাৱধানতা অৱলম্বনৰ আহ্বান জনাইছে।

ডিজিটেল ডেস্ক, ৩১ ডিচেম্বৰ

You might also like