নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

শনিবাৰে অন্তিম মেচ খেলিব লিঅ’নেল মেছিয়ে

🔷 পিএছজিৰ সৈতে দুবছৰীয়া সম্পর্কৰ ইতি

বিশেষ বাৰ্তা, ১ জুনঃ চলিত ছিজনৰ পিছতেই ফৰাচী ক্লাব পিএছজি ত্যাগ কৰিব লিঅ’নেল মেছিয়ে ৷ আজি এই কথা সদৰী কৰিছে ক্লাবটোৰ প্রশিক্ষক ক্রিষ্টোফ গালটিয়ে ৷ অৱশ্যে পেৰিছ এৰিলেও মেছি কোন ক্লাবলৈ যাব, সেয়া এতিয়াও নিশ্চিত হোৱা নাই ৷ আজি প্রশিক্ষকগৰাকীয়ে কয়– ‘ফুটবল ইতিহাসৰ শ্রেষ্ঠ খেলুৱৈক প্রশিক্ষণ দিয়াৰ অভিজ্ঞতা হ’ল ৷ শনিবাৰে ঘৰুৱা খেলপথাৰত ক্লেমণ্টৰ বিৰুদ্ধে অন্তিম মেচ খেলিব লিঅ’ই৷’ উল্লেখ্য যে মে’ মাহৰ আৰম্ভণিতে মেছিয়ে পিএছজি এৰিব বুলি জানিব পৰা গৈছিল৷ লিঅ’ই যে ক্লাব এৰিব, এই কথা পিএছজিক জনাইছিল তেওঁৰ পিতৃ তথা এজেণ্ট জর্জে ৷ মেছি কোনটো ক্লাবলৈ যাব, সেই কথা নিশ্চিত নহয় যদিও ছৌদি আৰবৰ ক্লাব আল হিলাল আৰু মেজৰ ছ’কাৰ লীগৰ ক্লাব ইণ্টাৰ মিয়ামিয়ে মেছিক পাবলৈ আগ্রহ প্রকাশ কৰিছে ৷ এই তালিকাত আছে মেছিৰ প্রাক্তন ক্লাব বার্চিলোনাও ৷ ২০২০ চনত বার্চিলোনা এৰি পিএছজিত যোগ দিছিল মেছিয়ে ৷ দুবছৰৰ বাবে চুক্তি আছিল তেওঁৰ ৷ প্রথম বছৰ ভালদৰে অতিবাহিত কৰিলেও দ্বিতীয় বছৰত সমস্যাৰ সৃষ্টি হয় ৷ খেলপথাৰত পিএছজিৰ বিদ্রুপ সহ্য কৰিবলগীয়া হয় মেছিয়ে ৷ এনে বহু কাৰণতেই হয়তো ক্লাবটোত চুক্তিৰ ম্যাদ বৃদ্ধি কৰিব নিবিচাৰিলে তাৰকাগৰাকীয়ে ৷ এতিয়া অহা শনিবাৰে অন্তিমবাৰলৈ ক্লাবটোৰ হৈ মেচ খেলিব আর্জেণ্টাইন তাৰকাগৰাকীয়ে ৷

You might also like