নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সুৰাপায়ী চালকক নাকী লগাবলৈ সাজু ডিব্ৰুগড় জিলা প্ৰশাসন

🔴 ডিব্ৰুগড়ত পথ সুৰক্ষা সমিতিৰ কেতবোৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ

বিশেষ বাৰ্তা, ১ জুনঃ দিনকদিনে পথ দুৰ্ঘটনাৰ সংখ্যা বৃদ্ধি পোৱাৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্য চৰকাৰৰ লগতে ডিব্ৰুগড় জিলা  প্ৰশাসনেও ইয়াক হ্ৰাস কৰাৰ অৰ্থে বিভিন্ন কাৰ্যপন্থা গ্ৰহণ কৰি কেতবোৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে ৷ এই অনুসৰি জিলাখনত সুৰাপান কৰি গাড়ী চলোৱা ব্যক্তিৰ সংখ্যা হ্ৰাস কৰাৰ বাবে নতুনকৈ ৪০টা ব্ৰেথ এনালাইজাৰ ক্ৰয় কৰাৰ বাবে বুধবাৰে অনুষ্ঠিত জিলা পথ সুৰক্ষা সমিতিৰ সভাত সিদ্ধান্ত গ্ৰহণ কৰিছে ৷ এই ব্ৰেথ এনালাইজাৰসমূহ জিলাখনৰ প্ৰতিটো থানা আৰু আৰক্ষী চকীলৈ প্ৰদান কৰি নিয়মীয়াকৈ সুৰাপায়ী চালকৰ বিৰুদ্ধে অভিযান চলোৱা হ’ব ৷ সভাই জিলাখনৰ বিশেষকৈ প্ৰতিটো ব্যস্ততাপূৰ্ণ নগৰাঞ্চলৰ চাৰিআলি আৰু তিনিআলিৰ ৩০ মিটাৰ ব্যাসাৰ্ধলৈকে পাৰ্কিং নিষিদ্ধ এৰিয়া হিচাপে ঘোষণা কৰাৰ লগতে বিভিন্ন পথত নিয়মীয়াকৈ অবৈধ পাৰ্কিং আৰু ফুটপাথ বেদখলকাৰীৰ বিৰুদ্ধে অভিযান চলোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয় ৷ জিলা উপায়ুক্ত তথা পথ সুৰক্ষা সমিতিৰ অধ্যক্ষ বিশ্বজিত পেগুৰ পৌৰোহিত্যত অনুষ্ঠিত সভাই এতিয়াৰে পৰা পথ দুৰ্ঘটনা হোৱাৰ লগে লগেই আৰক্ষী, লোকনিৰ্মাণ বিভাগ, পৰিবহণ বিভাগৰ লগতে  সংশ্লিষ্ট সকলো বিভাগৰ যৌথ এক দলে দুৰ্ঘটনাৰথলী পৰ্যবেক্ষণ  কৰাৰ লগতে পৰৱৰ্তী সভাত ইয়াৰ প্ৰতিবেদন দাখিল কৰিবলৈ নিৰ্দেশ প্ৰদান কৰে ৷ তদুপৰি ডিব্ৰুগড় চহৰত যাৱতীয় পাৰ্কিঙৰ ব্যৱস্থা নকৰি যান-জঁট সৃষ্টি কৰাত অৰিহণা যোগোৱা ব্যক্তিগত নাৰ্ছিং হোমসমূহৰ ওপৰত শীঘ্ৰে যাৱতীয় ব্যৱস্থা গ্ৰহণৰ বাবেও ডিব্ৰুগড় পৌৰসভাক উপায়ুক্ত পেগুৱে নিৰ্দেশ দিয়াৰ লগতে পথ দুৰ্ঘটনাৰ নতুন হটস্পট চিনাক্ত কৰি যাৱতীয় ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ দিয়ে ৷ এই অনুসৰি ডিব্ৰুগড় বাইপাছৰ বিশেষকৈ বকুলৰ পৰা খনিকৰ চাৰিআলিলৈকে থকা চাৰিআলিসমূহত যান-বাহনৰ তীব্ৰ গতি ৰোধ কৰিবৰ বাবে যাৱতীয় ব্যৱস্থা গ্ৰহণৰ বাবে এনএইচআইডিচিএলক নিৰ্দেশ দিয়ে ৷ ইয়াৰ লগতে পথৰ কাষত বিভিন্ন দল-সংগঠনে সভা-অভিৱৰ্তন আদি আয়োজনৰ নামত জধে-মধে আঁৰি দিয়া বৃহৎ আকাৰৰ প’ষ্টাৰ আৰু হ’ৰ্ডিংসমূহে বতাহ-বৰষুণত বাগৰি পৰাত পথ দুৰ্ঘটনা সংঘটিত হোৱাৰ উপৰি দৃষ্টিকটু হোৱাৰ প্ৰতি লক্ষ্য ৰাখি এতিয়াৰে পৰা এইসমূহ সভা শেষ হোৱাৰ পিছদিনাই আঁতৰাই নিনিলে সভাৰ আগতীয়া অনুমতি প্ৰদান কৰা নহ’ব বুলিও অধ্যক্ষ পেগুৱে স্পষ্ট কৰি দিয়ে ৷ আনহাতে, নিৰ্মাণ সামগ্ৰীসমূহ পথৰ ওপৰত অথবা ফুটপাথৰ ওপৰত বহুদিন ৰখাৰ ফলশ্ৰুতিত পথটোৰ আকাৰ সৰু হৈ যান-জঁঁট সৃষ্টি কৰাৰ পৰিপ্ৰেক্ষিতত সকলো গৰাকী আৰু ঠিকাদাৰক সামগ্ৰী পেলোৱা দিনটোৰ ভিতৰতে পথৰ পৰা স্থানান্তৰ কৰাৰ বাবেও নিৰ্দেশ প্ৰদান কৰে ৷ অন্যথা সামগ্ৰীসমূহ জব্দ কৰাৰ বাবেও সংশ্লিষ্ট বিভাগক  উপায়ুক্ত পেগুৱে নিৰ্দেশ দিয়ে ৷ সভাই ডিব্ৰুগড় চহৰত অবৈধভাৱে চলি থকা ই-ৰিক্সাসমূহ শীঘ্ৰে চিনাক্ত কৰি কেৱল সেউজপুৰৰ পৰা মেডিকেলপৰ্যন্ত চলাচল কৰাৰ বাবে ব্যৱস্থা গ্ৰহণৰ বাবেও পৰিবহণ বিভাগক নিৰ্দেশ প্ৰদান কৰে ৷ ইয়াৰ লগতে  খনিকৰৰ জগন্নাথ মন্দিৰৰ কাষত অবৈধভাৱে চৰকাৰী মাটিত নিৰ্মাণ কৰা হোটেল উচ্ছেদ কৰি এই স্থানত তিনিচকীয়া বাহনৰ আস্থানৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ সংশ্লিষ্ট বিভাগসমূহক নিৰ্দেশ প্ৰদান কৰে ৷ তদুপৰি জিলাখনত পথ দুৰ্ঘটনা হ্ৰাস কৰিবৰ বাবে অন্যান্য বিভিন্ন আনুষংগিক বিষয়সমূহ সভাই আলোচনা কৰাৰ লগতে সমিতিৰ সদস্য ৰতন হাজৰিকাই উত্থাপন কৰা কলেজ, উচ্চ আৰু উচ্চতৰ মাধ্যমিক বিদ্যালয়সমূহৰ একোগৰাকী শিক্ষকক লৈ শীঘ্ৰে এখনি পথ সুৰক্ষা বিষয়ক সভা আহ্বান কৰি ছাত্ৰ-ছাত্ৰীসকলক পথ সুৰক্ষা বিষয়ক জ্ঞান দিব পৰাকৈ ‘মাষ্টাৰ ট্ৰেইনাৰ’ প্ৰস্তুত কৰাৰ বিষয়টোৰ প্ৰতি লক্ষ্য ৰাখি বিদ্যালয়সমূহৰ পৰিদৰ্শকক এনে শিক্ষকৰ তালিকা শীঘ্ৰে প্ৰদানৰ বাবেও উপায়ুক্ত পেগুৱে নিৰ্দেশ দিয়ে ৷ সভাত পথ সুৰক্ষা সমিতিৰ সদস্য সচিব বিকাশ চন্দ্ৰ পাংগিং, আৰক্ষী অধীক্ষক শ্বেতাংক মিশ্ৰ, সহকাৰী আয়ুক্ত নীলাক্ষি ভূঞা, অতিৰিক্ত আয়ুক্ত ৰাহুল দলেকে ধৰি সংশ্লিষ্ট বিভাগৰ মুৰব্বী বিষয়া আৰু প্ৰতিনিধিসকল উপস্থিত থাকে ৷

প্ৰেৰক বিভাস দুৱৰা

You might also like