নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেলত প্রথম শতৰান

🏏ট্রেভিছ হেডৰ অনন্য কৃতিত্ব

বিশেষ বাৰ্তা, ৮ জুনঃ বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেলত শতৰান অর্জন কৰিছে ট্রেভিছ হেডে ৷ এই কৃতিত্ব অর্জন কৰা তেৱেঁই প্রথমগৰাকী বেটাৰ ৷ যোৱাবাৰ ফাইনেলত ভাৰত আৰু নিউজিলেণ্ড মুখামুখি হৈছিল ৷ সেই মেচখনত কোনেও শতৰান কৰিব পৰা নাছিল ৷ এইবাৰ ফাইনেলত প্রথম দিনাই শতৰান কৰে হেডে ৷ মাত্র ১০৬টা বলতে তেওঁ শতৰান পূর্ণ কৰে ৷ এই ইনিংছটোত আছিল ২২টা চাৰি আৰু এটা ৬ ৷ তেওঁ বেটিং কৰিবলৈ অহাৰ পিছতে অষ্ট্রেলিয়াৰ ৰানৰ গতি বৃদ্ধি পায় ৷ হেডে বেটিং কৰিবলৈ অহা সময়ত অষ্ট্রেলিয়াৰ ৰানৰ সংখ্যা আছিল ৭৬৷ তাৰ পৰা দিনান্তত ১৪৬ ৰানত অপৰাজিত হেডে ড্রেছিং ৰুমলৈ উভতি যোৱাৰ সময়ত অষ্ট্রেলিয়াৰ ৰান হয়গৈ ৩২৭ ৷ টেষ্ট ক্রিকেটত তেওঁৰ এইটো ষষ্ঠ আৰু ভাৰতৰ বিৰুদ্ধে প্রথম শতৰান৷

You might also like