নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ডিব্ৰুগড়ত ভতিজাকৰ দাৰ ঘাপত প্ৰাণ গ’ল দদায়েকৰ

বিশেষ বাৰ্তা, ৮ জুনঃ ডিব্ৰুগড়ত সংঘটিত এক ভয়ংকৰ হত্যাকাণ্ডই কঁপাই গৈছে সমগ্ৰ ডিব্ৰুগড়। ভতিজাকৰ দাৰ ঘাপত প্ৰাণ গ’ল দদায়েকৰ। ডিব্ৰুগড়ৰ বৰবৰুৱা আৰক্ষী থানাৰ অন্তৰ্গত কলাখোৱাৰ ইটাখুলিত সংঘটিত হৈছে এই নৃশংস হত‍্যাকাণ্ড। জানিব পৰা অনুসৰি, ভতিজাক নীলমণি দাসৰ দাৰ ঘাপত প্ৰাণ গ’ল দদায়েক বলীন দাসৰ(৪৫)। যোৱানিশা দদায়েক বলীন দাসে ভাত খাই শুবলৈ লৈছিল। ঠিক তেনে সময়তে ভতিজাক নীলমণিয়ে পিছফালৰ পৰা মূৰত দাৰে ঘাপ মাৰি দিয়াত ছটফটাই মজিয়াত পৰি ৰয়। পাছত হেঁচা মাৰি দিয়াত বলীনৰ মৃত্যু হয়। ইয়াৰ পাছত মানসিক ৰোগী নীলমণিয়ে নিজ গৃহলৈ ঘূৰি যায়। উল্লেখ্য যে বলীন আৰু নীলমণিয়ে একে চৌহদতে বসবাস কৰিছিল। আনহাতে বলীনৰ তিনি সন্তান কৰ্মসূত্ৰে পৰিয়ালৰ পৰা আঁতৰত থাকে। সেয়ে ঘটনাৰ সময়ত কোনো উপস্থিত নথকাত আজিহে সমগ্ৰ নৃশংস ঘটনাটো পোহৰলৈ আহে। গাঁওবাসীয়ে সদৰী কৰা অনুসৰি, বলীন আৰু নীলমণি মানসিক বিকাৰগ্ৰস্ত হোৱাৰ লগতে চিকিৎসা চলাই আছিল। তদুপৰি কিছু বছৰ পূৰ্বে বলীন দাসে হত‍্যা কৰিছিল নীলমণি দাসৰ পিতৃক আৰু ইয়াৰেই প্ৰতিশোধ হিচাপে নীলমণি দাসে নিজ দদায়েক বলীন দাসক প্ৰতিশোধ হিচাপে হত‍্যা কৰাৰ সন্দেহ কৰা হৈছে। হত‍্যাকাৰী নীলমণি দাসক ইতিমধ্যে বৰবৰুৱা আৰক্ষীয়ে আটক কৰিছে। ঘটনাস্থলীত বৰবৰুৱা থানাৰ আৰক্ষী উপস্থিত হৈ তদন্ত অব‍্যাহত ৰাখিছে। ইফালে, বলীন দাসৰ লগতে নীলমণি দাস মানসিক ৰোগত আক্ৰান্ত বুলিও সূত্ৰৰ পৰা জানিব পৰা গৈছে যদিও আৰক্ষীৰ তদন্তৰ পাছতহে  হত্যাকাণ্ড কিয় সংঘটিত হ’ল, সকলো পোহৰলৈ আহিব বুলি ৰাইজে আশা প্ৰকাশ কৰিছে।

প্ৰেৰক বিভাস দুৱৰা

You might also like