নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মুম্বাইত প্রেমিকাক হত্যা কৰি কৰতেৰে ২২ টুকুৰা কৰিলে প্রেমিকে

🔴 ৫৬ বছৰীয়া মনোজ সানেক গ্রেপ্তাৰ আৰক্ষীৰ

বিশেষ বাৰ্তা, ৮ জুনঃ মুম্বাইত সংঘটিত ভয়াৱহ হত্যাকাণ্ডই দেশ জোকাৰি গৈছে ৷ মুম্বাইৰ মীৰা ৰোডত এজন ৫৬ বছৰীয়া প্রেমিকে প্রেমিকাক নৃশংসভাৱে হত্যা কৰি মৃতদেহটো কৰতেৰে ২২ টুকুৰা কৰে। পিছত সেই টুকুৰা প্রেছাৰ কুকাৰত সিজাই সাক্ষ্য নষ্ট কৰাৰ পৰিকল্পনা পোহৰলৈ আহিছে৷ মনোজ সানে নামৰ প্রেমিকজনে ৩২ বছৰীয়া সৰস্বতী বৈদ্যক হত্যা কৰি মৃতদেহটো ২২ টুকুৰা কৰে দুখন কৰতেৰে৷ সাক্ষ্য আৰু হত্যাৰ তথ্য নষ্ট কৰিবলৈ নৃশংসতাৰ আশ্রয় লোৱা মনোজ সানেই পাছলৈ প্রেছাৰ কুকাৰত সিজোৱা দেহৰ অংশবোৰ পেকেটত ভৰাই নলাত পেলাই দিয়ে ৷ হত্যাকাৰী মনোজ সানেক যোৱানিশা পলাবলৈ চেষ্টা কৰোঁতে মুম্বাই আৰক্ষীয়ে গ্রেপ্তাৰ কৰিবলৈ সক্ষম হয় ৷ আৰক্ষীয়ে প্রকাশ কৰা মতে, মুম্বাইৰ গীতা আকাশদ্বীপ বিল্ডিঙৰ ৭০৪ নম্বৰ ফ্লেটত বিগত ৩ বছৰ ধৰি মনোজ সানে আৰু সৰস্বতী বৈদ্যই লিভ ইন ৰিলেচনশ্বিপত আছিল৷ ৪ দিন পূর্বে মনোজ সানেই ভয়াৱহ নৃশংস ঘটনাটো সংঘটিত কৰে ৷ চুবুৰীয়াই প্রকাশ কৰা মতে, মনোজ সানে আৰু সৰস্বতী বৈদ্যই মীৰা ৰোড আৰু ভায়েণ্ডাৰ ষ্টেচনটোৰ মাজৰ ৰে’লপথলৈ প্রতিদিনে পুৱাই ফুৰিবলৈ যায় ৷ কিন্তু যোৱা দেওবাৰৰ পৰা সৰস্বতী বৈদ্যক পুৱা ফুৰিবলৈ যোৱাটো ওচৰ চুবুৰীয়াই প্রত্যক্ষ কৰা নাছিল ৷ ইয়াৰ পাছতে ওচৰ চুবুৰীয়াৰ সন্দেহ ওপজে আৰু আৰক্ষীক এই সন্দর্ভত অৱগত কৰে ৷ আৰক্ষীয়ে অভিযান চলাই মনোজ সানেই সৰস্বতী বৈদ্যক হত্যা কৰা বুলি সন্দেহ প্রকাশ কৰি অভিযান চলায় ৷ আৰক্ষীয়ে দম্পতীটোৰ ফ্লেটত অভিযান চলাওঁতে মৃতদেহৰ গোন্ধ পায় আৰু তন্নতন্নকৈ তালাচী চলোৱাত মৃতদেহৰ টুকুৰা উদ্ধাৰ কৰিবলৈ সক্ষম হয়৷ আৰক্ষীয়ে অভিযান চলোৱাৰ সময়ত ফ্লেটত ৰান্ধনী ঘৰৰ ভিতৰত ৩টা বাকেট পাইছিল ৷ এই বাকেটৰ ভিতৰত মৃতদেহৰ টুকুৰা আৰু তেজ প্রত্যক্ষ কৰে আৰক্ষীয়ে ৷ দুর্গন্ধ আঁতৰ কৰিবলৈ হত্যাকাৰী সানেই কোঠাটোত বিভিন্ন সুগন্ধি ছটিয়াই দিছিল যদিও মৃতদেহৰ গোন্ধ আৰক্ষীয়ে লাভ কৰে আৰু উক্ত ঘটনাত ব্যৱহূত কৰত, প্লাষ্টিক বেগ, কটা চুলি আৰু বেডৰুমত আন এখন কৰত উদ্ধাৰ কৰে ৷ নয়া নগৰ আৰক্ষী থানাৰ দলে প্রথমে ফ্লেটটোৰ বন্ধ দুৱাৰ ভাঙি প্রৱেশ কৰি মহিলাগৰাকীৰ মৃতদেহৰ টুকুৰা উদ্ধাৰ কৰে ৷ উল্লেখ্য যে মৃতদেহটোৰ টুকুৰা আন কোঠাত ৰখাৰ বিপৰীতে বেডৰুমত কটা চুলি পৃথককৈ ৰাখিছিল হত্যাকাৰী সানেই ৷ ৰাজধানী দিল্লীৰ শ্রদ্ধা ৱাকাৰ হত্যাকাণ্ডৰ পাছত বাণিজ্যিক ৰাজধানী মুম্বাইতো অনুৰূপ হত্যাকাণ্ডই দেশত চাঞ্চল্যৰ সৃষ্টি কৰিছে৷

You might also like