নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰিয়ানৰ বেটিঙক সূর্য কুমাৰৰে তুলনা শ্বেন বণ্ডৰ

নিয়মীয়া বাৰ্তা ডিজিটেল, ৩ এপ্ৰিলঃ ইণ্ডিয়ান প্রিমিয়াৰ লীগ–২০২৪ আই পি এলত নক্ষত্রৰ দৰে জিলিকি উঠা অসম সন্তান ৰিয়ান পৰাগৰ ভূয়সী প্রশংসা এতিয়া বিশ্বৰ কিংবদন্তি ক্রিকেটাৰৰ মুখে মুখে শুনা গৈছে৷ মুম্বাইৰ ৱাংখেড়ে ষ্টেডিয়ামত ৩৯ বলত অপৰাজিত ৫৪ ৰান কৰি ৰাজস্থান ৰয়েলছৰ ক্রমাগত তৃতীয় বিজয়তো গুৰুত্বপূর্ণ ভূমিকা লোৱা তথা লীগত এতিয়ালৈকে সর্বাধিক ৰান সংগ্রহ কৰা বেটাৰ হিচাপে কমলা টুপী হস্তগত কৰা ৰিয়ানক সূর্যৰ লগত তুলনা কৰিছে নিডজিলেণ্ডৰ বেগী বলাৰ শ্বেন বণ্ডে৷ উল্লেখ্য যে মুম্বাই ইণ্ডিয়ানছৰ সৈতে ন বছৰীয়া কার্যকালৰ পিছত এইবছৰ বণ্ডে ৰাজস্থান ৰয়েলছৰ সহকাৰী প্রশিক্ষক তথা বলিং প্রশিক্ষকৰূপে যোগ দিছে৷ মেচৰ পিছৰ সংবাদ মেলত বণ্ডে কয়, ‘ৰিয়ানৰ বেটিং দেখিলে সূর্যৰ (সূর্যকুমাৰ যাদৱ) কথা মনত পেলাই দিয়ে৷ ৰিয়ানৰ বয়স মাত্র ২২ বছৰ৷ কিন্তু চৰম প্রতিভাৱান লগতে ক্রিকেটাৰ হিচাপে এতিয়া পৰিপক্কও আমি তেওঁৰ পৰা সর্বোত্তমখিনি পাইছো৷ আৰ আৰ এ তেওঁৰ পৰা যি বিনিয়োগ কৰিছিল, ইয়াৰ ফল লাভ কৰিবলৈ আৰম্ভ কৰিছে৷ আমাৰ বাবে তেওঁ বাকী ছিজনৰ বাকী থকা মেচবোৰত যি দিব পাৰে সেয়া যথেষ্ট ৰোমাঞ্চকৰ হ’ব৷’ উল্লেখ্য যে অসম জননীৰ গৌৰৱময় সন্তান ৰিয়ানে ঘৰুৱা ক্রিকেটত নিজৰ চহকী ফর্ম এইবাৰ আই পি এললৈ লৈ আনিছে৷ তিনিখন মেচত দুটা উচ্চমানৰ অপৰাজিত অর্ধশতক অর্জন কৰি ৰাজস্থানৰ প্রথম তিনিখন মেচৰ জয়ত সহায় কৰিছে৷ ক্রিকেটাৰগৰাকীৰ পৰা অধিক লাভ পাবলৈ এই বছৰ ৰয়েলছে নতুনকৈ নিজৰ লাইন আপ স্থাপন কৰিছে বুলিও বণ্ডে কয়৷ কাৰণ ঘৰুৱা ছিজনতো চতুর্থ স্থানতে অসাধাৰণ বেটিং কৰিছিল ৰিয়ানে৷ বণ্ডে লগতে কয়, ‘ৰিয়ানক পূর্বৰ ছিজনসমূহৰ ওপৰত বিচাৰ কৰাটো অন্যায়৷ তেতিয়া তেওঁ ইমান কম বয়সতে ফিনিচাৰৰ ভূমিকা পালন কৰিবলগীয়া হৈছিল৷ তেওঁৰ বয়স আছিল ১৭ বছৰ আৰু বেটিং লাইন আপৰ এটা কঠিন স্থান ছয় নম্বৰত খেলিছিল৷ অন্য দলত ডেভিদ মিলাৰ, আন্দ্রে ৰাছেল, টিম ডেভিদ আদিয়ে ফিনিচাৰৰ ভূমিকা লৈছিল৷ বিপৰীতে আৰ আৰত ৰিয়ানে৷ কিন্তু ঘৰুৱা ছিজনৰ প্রদর্শনে ৰিয়ান যে চতুর্থ স্থানৰ বিশেষজ্ঞ ক্রিকেটাৰ সেয়া প্রতিপন্ন কৰাৰ পিছত এইবাৰ আই পি এলতো তেওঁ সুযোগৰ সুন্দৰ ব্যৱহাৰ দক্ষতাৰে কৰিছে৷’ ইফালে, ৰাজকীয় ইনিংছৰ পিছত খেলৰ অন্তত ৰিয়ানে কয়, ‘যেতিয়া মই ঘৰুৱা ক্রিকেট খেলো, তেতিয়া এনে পৰিস্থিতিতে বেটিং কৰিবলৈ উহকেটলৈ আহোঁ৷ জ’ছ বাটলাৰ ভাই আৰু আৰ অশ্বিন ভায়ে খেলপথাৰ ত্যাগ কৰাৰ সময়ত পৰিস্থিতিটো মোৰ বাবে নতুন নাছিল৷ যোৱা ছিজনৰ পিছতে মই নিজক প্রস্তুত কৰাৰ বাবে অতি কঠোৰ অনুশীলন কৰিছিলোঁ৷ মহ ভাবোঁ যে সেই কঠিন অনুশীলনৰ সুফল এতিয়া দেখা গৈছে৷ মই এই ধৰণৰ দ্রুত বল আৰু এই ধৰণৰ পৰিস্থিতিৰ বিৰুদ্ধে বহুত অনুশীলন কৰিছো৷’ উল্লেখ্য যে মেচখনত ৰয়েলছে মুম্বাই ইণ্ডিয়ানছক ৯ উইকেটত ১২৫ ৰানত সীমাবদ্ধ কৰিছিল যদিও আৰম্ভণিতে ৰাজস্থানে উইকেট হেৰুৱায়৷ কিন্তু ৰিয়ানে দক্ষতাৰে অনন্য বেটিং কৰি এককভাৱে দলক বিজয় লক্ষ্যত উপনীত কৰোৱায়৷

You might also like