নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আই পি এলৰ প্রস্তুতিৰ বাবে চেন্নাইত উপস্থিত ধোনী

নিয়মীয়া বাৰ্তা ৫ মাৰ্চঃ  বিগত বর্ষৰ আই পি এলত ব্যর্থ হোৱাৰ পিছত এইবাৰ আগতীয়াকৈ প্রস্তুতি আৰম্ভ কৰিব চেন্নাই ছুপাৰ কিংছে৷ চলিত বর্ষৰ আই পি এলৰ দিন এইপর্যন্ত ধার্য হোৱা নাই যদিও দলটোৱে অহা ৯ মার্চৰ পৰা চেন্নাইত এক প্রস্তুতি শিবিৰৰ আয়োজন কৰিছে৷ এই শিবিৰৰ প্রতি লক্ষ্য ৰাখি বুধবাৰে নিশা চহৰখনত উপস্থিত হৈছে চি এছ কেৰ অধিনায়ক মহেন্দ্র সিং ধোনী৷ দলটোৰ মুখ্য কার্যবাহী বিষয়া কে এছ বিশ্বনাথনে প্রকাশ কৰা অনুসৰি ধোনীয়ে আগন্তুক ৫ দিন কোৱাৰেণ্টাইনত থকাৰ পিছত প্রস্তুতি শিবিৰত অংশ ল’ব৷ এই শিবিৰত অংশ ল’বলৈ চি এছ কেৰ অন্যতম গুৰুত্বপূর্ণ সদস্য অম্বাটি ৰাইডু চেন্নাইত উপস্থিত হৈছে৷ আন খেলুৱৈসকলো দুই–এদিনৰ ভিতৰতে দলীয় শিবিৰত যোগ দিয়াৰ কথা আছে৷ অৱশ্যে ৯ মার্চৰ পৰা আৰম্ভ হ’বলগীয়া শিবিৰত ভাৰতীয় খেলুৱৈসকলহে উপস্থিত থাকিব৷ উল্লেখ্য যে ধোনী নেতৃত্বাধীন দলটোৱে যোৱাবাৰৰ আই পি এলত শোচনীয় ব্যর্থতাৰে লীগ পর্যায়ৰ পৰাই বাহিৰ হৈছিল৷

You might also like